নন্দিতা শইকীয়া

ধেমাজী: ধেমাজিত দিন দুপৰতে আক্ৰমণৰ বলি হোৱা ঢকুৱাখনাৰ নন্দিতা শইকীয়াৰ মৃত্যু হোৱা নাই ৷ মৰিঢল কলেজৰ আঘাটপ্ৰাপ্ত ছাত্ৰী চিকিত্সাধীন অৱস্থাতে আছে।
ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্চিংহোমৰ আই চি ইউত জীৱন মৃত্যুৰে যুঁজি আছে গুৰুতৰভাৱে আহত ছাত্ৰী দুগৰাকী।
জিণ্টু শৰ্মা নামৰ এজন যুৱকে দাৰে ঘপিয়াই উপৰ্যুপৰি আক্ৰমণ কৰিছিল দুই ছাত্ৰীক৷

কালিৰ দিনটোত ধেমাজিত দিন-দুপৰতে কলেজীয়া ছাত্ৰীক দাৰে আক্ৰমণ কৰি আহত কৰিছিল ৷
ধেমাজিৰ ASTC বাছষ্টেণ্ডৰ সমীপত এই ঘটনা সংঘটিত হৈছিল ৷
মৰিঢল মহাবিদ্যালয়ৰ ২ ছাত্ৰী স্কুটীৰে আহি থাকোঁতে আক্ৰমণ কৰিছিল ৷
চোকা দাৰে আক্ৰমণ কলেজখনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী চিন্তু শৰ্মাৰ ৷
আক্ৰমণকাৰী জিণ্টু শৰ্মাক আটক আৰক্ষীৰ ৷

লগতে পঢ়ক সোণোৱাল-হিমন্তসহ এক ডজন নেতাৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ এজাহাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply