নগাঁও : কঠীয়াতলী ৰাংঢালী গোষ্ঠীৰ সৌজন্যত সম্বৰ্ধনা অনুষ্ঠান। কঠীয়াতলীৰ কৃতি ছাত্ৰ স্ববনম গুঞ্জন বৰা আৰু বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীক সম্বৰ্ধনা।

নগাওঁ জিলাৰ কঠীয়াতলীত ৰাংঢালী গোষ্ঠীৰ সৌজন্যত সম্বৰ্ধনা অনুষ্ঠান। এইবাৰ ঘোষিত হোৱা সৰ্ব ভাৰতীয় অভিযান্ত্ৰিক সংস্থান (I. I.T)ৰ মুল্যায়নত কঠীয়াতলীৰ কৃতি ছাত্ৰ স্ববনম গুঞ্জন বৰাই স্থান দখল কৰিবলৈ সক্ষম হোৱাৰ বাবে কৃতি ছাত্ৰ জনক সম্বৰ্ধনা জনোৱা হয়।

লগতে পঢ়ক : ছয়গাঁৱৰ মাজগুমিত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজনক আটক

আনহাতে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীক সম্বৰ্ধনা জনায় কঠীয়াতলীৰ সাংস্কৃতিক গোষ্ঠী ৰাংঢালীয়ে। এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে তিৱা স্বায়ত্ত পৰিষদৰ অধ্যক্ষ মদন বৰদলৈকে আদি কৰি বহু ব্যক্তি।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply