মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা: সমগ্ৰ শিক্ষা অসম, মাৰ্ঘেৰিটা প্ৰাথমিক শিক্ষাখণ্ডৰ সৌজন্যত মাৰ্ঘেৰিটা প্ৰাথমিক শিক্ষাখণ্ডৰ ২০২১-২২ বৰ্ষৰ ৩০ খন শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতি আৰু মাতৃগোটক আজি সম্বৰ্ধনা ও মানপত্ৰ প্ৰদান কাৰ্য্যসূচী মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাবত অনুষ্ঠিত হয়।

মুখ্য অতিথি হিচাপে উপস্থিত থকা জিলা শিক্ষা বিষয়া বিন্তী শৰ্মাই বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে। মণ্ডল সমল কেন্দ্ৰৰ সমন্বায়িকা পল্লবী গগৈয়ে সম্বৰ্ধনা অনুষ্ঠানৰ আঁ‌ত ধৰা অনুষ্ঠানৰ মুকলি সভাৰ উদেশ্য বাখ্যা আগবঢ়োই খণ্ড সমল ব্যক্তি মাৰ্ঘেৰিটা প্ৰাথমিক শিক্ষা খণ্ডৰ চিন্তু বৰুৱাই।

মুকলি সভাত অতিথি হিচাপে উপস্থিত থাকে জিলা আঁ‌চনি বিষয়া সমগ্ৰ শিক্ষাৰ ত্ৰিদীপ শৰ্মা তামুলি, খণ্ড প্ৰাথমিক শিক্ষা বিষয়া পৰেশ বৰুৱা, সহ কেইবাজনো গণ্যমান্য ব্যক্তি। সম্বৰ্ধনা অনুষ্ঠানৰ লগত সংগতি ৰাখি দিহা নামৰ লগতে ঝুমুৰ নৃত্য পৰিৱেশন কৰে নামদাং গোলাই প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দলে, আধুনিক নৃত্য এ আৰ এণ্ড টি হাইস্কুলৰ ছাত্ৰী সকলে পৰিৱেশ কৰাৰ ওপৰিও কবিতা আবৃত্তি কৰে পল্লবী গগৈ আৰু জাহ্নবী বড়াই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply