টীয়কৰ পৰা স্মৃতিপ্ৰিয়া লাহনঃ সমগ্ৰ ৰাজ্যই আজি উদযাপন কৰিছে অভিৰুচি ক্ৰীড়া দিৱস। টীয়কতো টীয়ক প্ৰেছ ক্লাৱ আৰু টীয়ক ক্ৰীড়া সন্থাই আজিৰ এই বিশেষ দিনটোত সদৌ অসম ভিত্তিত এখনি প্ৰাইজমানি মাৰাথন দৌৰ প্ৰতিযোগিতাত অনুষ্ঠিত কৰিছে। অগপৰ টীয়ক বিধান পৰিষদৰ সভাপিত বিকাশ শইকীয়াই শুভাৰণি কৰা এই দৌৰ প্ৰতিযোগিতাত অসমৰ কেইবাখনো জিলাৰ প্ৰায় অৰ্ধ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। ইপিনে প্ৰতিযোগিতাৰ অন্তত যোৰহাট জিলা উপায়ুক্তৰ লগতে টীয়কৰ ভালেসংখ্যক গণ্য মান্য ব্যক্তিৰ উপস্থিতিত জগদুৱাৰৰ সিংহ যুৱক ললিত চন্দ্ৰ ৰাজখোৱা প্ৰেক্ষাগৃহত অনুস্থিত বঁটা বিতৰণী সভাত বিজয়ীসকলক নগদ ধন সহ ট্ৰফী প্ৰদান কৰা হয়।উল্লেখ্য যে, এই সভাতে অসমৰ প্ৰথমজন প্ৰফেচনেল বক্সাৰ অসম সন্তান তথা গ্ৰীনিজ বুক অফ ৰেকৰ্ড হ’ল্ডাৰ অভিজিত বৰুৱাক ৰাজহুৱাকৈ সম্বৰ্দ্ধনা জনোৱা হয়। লগতে যোৰহাটৰ সন্তান অভিজিতক আগুৱাই নিয়াৰ ক্ষেত্ৰত উপায়ুক্তগৰাকীয়ে সৰ্বতো প্ৰকাৰৰ সহায় সহযোগিতাৰ আগবঢ়াব বুলি সদৰি কৰে।

ইপিনে এই সম্বৰ্দ্ধনাই খেলুৱৈ গৰাকীৰ মনোবল অধিক বৃদ্ধি কৰিছে বুলি উল্লেখ কৰি অনাগত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহত অধিক সাহস প্ৰদান কৰিব বুলি মন্তব্য কৰে অভিজিতে। লগতে এনে প্ৰতিযোগিতা অনুষ্ঠিত কৰি গ্ৰাম্যাঞ্চলৰ প্ৰতিভাসমূহ উলিয়াই অনাৰ অৰ্থে উদ্যোক্তাসকলে লোৱা এই পদক্ষেপক আদৰণী জনাইছে বিশিষ্ট খেলুৱৈগৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply