ব্ৰহ্মপুত্ৰত দুখন ফেৰীৰ মুখামুখি সংঘৰ্ষ

যোৰহাটৰ নিমাতিঘাটত ফেৰী দুৰ্ঘটনা । শতাধিক যাত্ৰী ব্ৰহ্মপুত্ৰত ডুব যোৱাৰ সম্ভাৱনা । দুখন ফেৰীৰ মাজত হোৱা সংঘৰ্ষৰ ফলতে সংঘটিত হয় দুৰ্ঘটনা । মা কমলা নামৰ ফেৰীখনত ১২০ জন যাত্ৰী থকা বুলি জানিব পৰা গৈছে ।

যোৰহাট জিলাৰ নিমাতি ঘাটৰ পৰা মাজুলী অভিমুখী আৰু মাজুলীৰ পৰা নিমাতিঘাট অভিমুখী দুখন ফেৰীৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত শতাধিক যাত্ৰী সন্ধানহীন হৈছে ।

জানিব পৰা মতে নিমাতি ঘাটৰ সমীপত বুধবাৰে বিয়লি হোৱা সংঘৰ্ষত মাজুলীৰ পৰা যোৱা নাওখন দুটুকুৰা হৈ যায়। দুয়োখন নাওৰ যাত্ৰী আৰু যান বাহন ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায়। অদ্যপি উদ্ধাৰ অভিযান চলি আছে যোৰহাট আৰক্ষীৰ সহযোগত ।

পানীৰ সোঁতত বহু যাত্ৰী উটি যোৱাৰ সন্দেহ কৰা হৈছে। এই পৰ্যন্ত হতাহতৰ তথ্য জানিব পৰা হোৱা নাই। ইতিমধ্যে কেইজনমান লোকক উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা হৈছে। 

ডুব যোৱা ফেৰীখনত আছিল ৫ খনকৈ গাড়ী।আটাইকেইখন গাড়ী ডুব গৈছে ব্ৰহ্মপুত্ৰত।এই পৰ্যন্ত ৩২ গৰাকী যাত্ৰীক উদ্ধাৰ।

মাজুলীৰ কমলাবাৰী আৰু যোৰহাটৰ নিমাতীঘাটমুখী দুখন ফেৰীৰ মাজত আকস্মিক দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰটো পাই কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।

এই বিষয়ে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে তেখেতে তাৎক্ষণিকভাৱে ফোনযোগে আলোচনা কৰে। যাত্ৰীসকলৰ উদ্ধাৰৰ নিমিত্তে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে ফোনযোগে উল্লেখ কৰে।

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ তৰফৰপৰাও এইক্ষেত্ৰত যথাসম্ভৱ সকলো সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক সৰ্বানন্দ সোণোৱালে নিৰ্দেশ দিয়ে।

লগতে পঢ়ক স্বাবলম্বী হোৱাৰ সংগ্ৰামত লখিমপুৰৰ যুৱতী ধৰিত্ৰী গগৈ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply