নিউজ ডেস্কঃ অভ্যন্তৰীণ জল পৰিবহন বিভাগে মাধমাৰ সোধালে সৰ্বসাধাৰণ ৰাইজৰ ওপৰত। বিশেষকৈ উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটীলৈ আৰু মাজুলী-নিমাতী সংযোঘী ফেৰী সেৱা ব্যৱহাৰ কৰা লোকসকলৰ বাবে আহিছে এক দুখবৰ।
আজিৰ পৰা বৃদ্ধি পালে ফেৰী সেৱাৰ টিকটৰ দাম। ১০০ শতাংশকৈ বৃদ্ধি পাইছে টিকটৰ দাম। আঢ়ৈ টকাৰ পৰিৱৰ্তে এতিয়াৰ পৰা টিকটৰ দাম হ’ল ৫ টকা ।
তদুপৰি, আজিৰ পৰা দুচকীয়া বাহনসহ ব্ৰহ্মপুত্ৰ পাৰ হ’বলৈ দিব লাগিব ১৫ টকাকৈ। আনহাতে, মাজুলী-নিমাতী সংযোগী ফেৰী সেৱাৰ ভাড়া বৃদ্ধিক লৈ মাজুলীত বিভিন্ন দল-সংগঠনেও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।