নিউজ ডেস্ক: বুধবাৰে প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত হৈছে ফেডাৰেশ্যন অব ইণ্ডিয়ান চেম্বাৰ্ছ অব কৰ্মাচ এণ্ড ইণ্ডাষ্ট্ৰীৰ কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হয় । বৈঠকখন গুৱাহাটীৰ হোটেল ৰেডিচন ব্লু ত অনুষ্ঠিত কৰা হয় । অনুষ্ঠানটোত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি ফিকিৰ সভাপতি সুব্রকান্ত পাণ্ডা, উপ- সভাপিত হৰ্ষ ভি আগৰৱালা, সচিবপ্রধান শৈলেশ পাঠক আৰু ফিকিৰ উত্তৰ-পূব উপদেষ্টা পৰিষদৰ অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰো উপস্থিত থাকে।

১৯২৭ চনত প্ৰতিষ্টা হোৱা ফিকিৰ কাৰ্যনিৰ্বাহক বৈঠকত ভাষন প্ৰদান কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত কৰা বাবে ফিকিক কৃতজ্ঞতা জ্ঞাপন কৰে।

মুখ্যমন্ত্ৰীয়ে কয় যে যোৱা কিছু বছৰ ধৰি ৰাজ্যখনত অর্থনৈতিক বিকাশৰ ঊর্ধ্বমুখী ধাৰা অব্যাহত আছে। এনে ধৰণৰ অনুষ্ঠানে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক বিকাশৰ বাবে প্রধানমন্ত্রীয়ে যি লক্ষ্য গ্রহণ কৰিছে, তাক বাস্তৱায়িত কৰাৰ দিশতো প্ৰভাৱিত কৰিব। ফিকিয়ে কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠক অনুষ্ঠিত কৰিবলৈ গুৱাহাটীক নিৰ্বাচিত কৰি লোৱাটোৱে উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ চহৰখন যে এতিয়া অঞ্চলটোৰ বিকাশৰ মূল কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে, তাৰে ইংগিত বহন কৰে ।

লগতে তেওঁ কয় যে সাম্প্রতিক সময়ত গুৱাহাটী এক গুৰুত্বপূৰ্ণ চহৰলৈ ৰূপান্তৰিত হৈছে। অসমত এতিয়া শান্তি আৰু সৰ্বাংগীণ বিকাশ বিৰাজমান। পূৰ্বতে ৰাজ্যখনত বিভিন্ন আন্দোলনে ক্ৰিয়া কৰিছিল যদিও ২০১৪ চনৰ পৰা অসমত শান্তিৰ এক বাতাৱৰণৰ সূচনা হয়। যোৱা দুবছৰত কোনো ধৰণৰ আন্দোলন হোৱা নাই। তেওঁ কয় যে অসন্তুষ্ট গোটসমূহে মূলসুঁতিলৈ উভতি আহিছে। আজি ৰাজ্যখনত ব্যৱসায়ীসকলে এক শান্তিপূর্ণ পৰিৱেশত ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। জনসাধাৰণে এতিয়া উপলব্ধি কৰিছে অর্থনৈতিক উত্তৰণৰ কথা।

মুখ্যমন্ত্ৰীয়ে কয় যে আজি অসম এক বিনিয়োগৰ স্থলীলৈ ৰূপান্তৰিত হৈছে। বৰ্তমানে ৰাজ্যখনে পাঁচখন উন্নত ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিবলৈ প্ৰতিযোগিতাত নামি পৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে দুবছৰৰ ভিতৰতে অসমে মুঠ ৰাজ্যিক ঘৰুৱা উপাদনৰ ক্ষেত্ৰত ১৬সংখ্যক স্থানত থকা ৰাজ্য পঞ্জাবক স্থানচ্যুত কৰাৰ সম্ভাৱনা আছে। আগন্তুক পাঁচ বছৰৰ ভিতৰত অসমে অর্থনৈতিক দিশত ১৫সংখ্যক স্থান অধিকাৰ কৰিবলৈ সক্ষম হ’ব। অসমত কেন্দ্ৰীয় চৰকাৰে ৫৫ হাজাৰ কোটি টকা ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে, ৭০ হাজাৰ কোটি টকা ৰে’লৱে আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে বিনিয়োগ কৰিছে বুলি জনাই ড° শৰ্মাই ৰাজ্যখনৰ পৰ্যটন খণ্ডতো যোৱা দুবছৰত যথেষ্ট পৰিমাণে উন্নয়ন সাধন হৈছে বুলিও কয়।

লগতে পঢ়ক: ২১ জুলাইত ভাৰতলৈ আহিব শ্ৰী লংকাৰ ৰাষ্ট্ৰপতি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply