নিউজ ডেস্ক– ফিফা ৱ’ৰ্ল্ড কাপ কোৱালিফায়াৰলৈ নিৰ্বাচিত হ’ল অসমৰ হলিচৰণ নাৰ্জাৰী। চলিত আইএছএলত হায়দৰাবাদ এফ চিৰ হৈ সুন্দৰ খেল প্ৰদৰ্শন কৰিছিল নাৰ্জাৰীয়ে। হায়দৰাবাদ এফ চিৰ হৈ ৪ টাকৈ গ’ল দিবলৈ সক্ষম হৈছিল ফুটবলাৰ গৰাকীয়ে।
ভাৰতীয় দলটোত হায়দৰাবাদ এফ চিৰ মুঠ ৬ গৰাকী খেলুৱৈয়ে স্থান লাভ কৰে ।
অসমৰ কোকৰাঝাৰত জন্মগ্ৰহণ কৰা এই খেলুৱৈ গৰাকীয়ে স্কুলীয়া অৱস্থাতেই নিজৰ স্কুলক প্ৰতিনিধিত্ব কৰি বিভিন্ন ঠাইত খেল প্ৰদৰ্শন কৰিছিল। মহিলাপুৰত অনুষ্ঠিত হোৱা ১৬ ঊৰ্দ্ধৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বীপ ফুটবল খেলতো অসমৰ হৈ প্ৰতিনিধিত্ব কৰিছিল।
স্নাতক ডিগ্ৰী লাভ কৰা পাছত হলিচৰণ নাৰ্জাৰীয়ে ১৯ ঊৰ্দ্ধৰ ফুটবল খেলত অসমক প্ৰতিনিধিত্ব কৰি টুৰ্কিস্তানৰ বিপৰীতে খেল প্ৰদৰ্শন কৰি জয় লাভ কৰিছিল। এইদৰে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেল প্ৰদৰ্শন কৰি সুনাম অৰ্জন কৰে হলিচৰণ নাৰ্জাৰীয়ে।
এএফচি এছিয়ান কাপ-২০১৯তো ভাৰতক প্ৰতিনিধিত্ব কৰি হলিচৰণ নাৰ্জাৰীয়ে নিজৰ প্ৰতিভা দেখুৱাব সক্ষম হৈছিল।