মানকাচৰ : যুৱতীক ফোন কৰাক কেন্দ্ৰ কৰি জ্বলিছে মানকাচৰ। দুই ফৈদৰ মাজত হোৱা সংঘৰ্ষত নিহত এজন যুৱক। কেইবাটাও বাসগৃহত অগ্নি সংযোগ।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাত এগৰাকী যুৱতীক এজন বিবাহিত পুৰুষে ফোন কৰাৰ বাবে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। যুৱতী আৰু পুৰুষ জনৰ দুই ফৈদৰ মাজত সৃষ্টি হোৱা সংঘাতত এজন যুৱক নিহত হৈছে।

জানিব পৰা মতে অসম-মেঘালয় সীমান্তৰ তেলধালাত মতলেব আলী নামৰ এজন লোকৰ কন্যাক মকৰম আলী নামৰ লোকজনৰ জোঁৱাইয়ে ফোন কৰিছিল। এই ফোন কৰাক কেন্দ্ৰ কেই দুই ফৈদৰ মাজত সৃষ্টি হয় সংঘৰ্ষ।

দুই ফৈদৰ সংঘৰ্ষত মতলেব আলীৰ পুত্ৰ আখিৰুল ইছলাম নিহত হয়। ইয়াৰ পিছতে মতলেব আলীৰ ফৈদৰ লোকে মকৰম আলী বাসগৃহত অগ্নি সংযোগ কৰে।

লগতে পঢ়ক : ১০০ দিন সম্পূৰ্ণ কৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ‘ৰিপোৰ্ট কাৰ্ড’ ৰাইজৰ দলৰ

অগ্নিকাণ্ডত মকৰম আলীৰ তিনিটাকৈ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে। ঘটনাৰ খবৰ পাই ঘটনাস্থলীত মানকাচৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। পৰিস্থিতি এতিয়াও উত্তপ্ত হৈ আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply