নিউজ ডেস্কঃ গুৱাহাটীৰ জ্যোতি চিত্ৰবনত ৫ আৰু ৬ জানুৱাৰীত অনুষ্ঠিত হ’ব চলচ্চিত্ৰম নেচনেল ফিল্ম ফেষ্টিভেল। জানিব পৰা মতে, ৫ জানুৱাৰীৰ দিনৰ ১১ বজাত উদ্বোধনী অনুষ্ঠানৰ পাছত প্ৰদৰ্শন কৰা হ’ব ছবি।
তাৰপাছত আকাশ আদিত্য লামাই ২ বজাত উন্মোচন কৰিব ড০ দীপশিখা ভাগৱতীৰ গ্ৰন্থ ফিল্ম এণ্ড লিটাৰেচাৰ।
২.১৫ বজাত স্মৃতি তৰ্পণ অনুষ্ঠান অনুষ্ঠিত কৰাৰ পাছতে বাংলা ছবি ‘মহিষাসুৰ মিৰ্দনী’ প্ৰদৰ্শন আৰু পৰিচালকৰ সৈতে কথোপকথন কৰা হ’ব।
ইফালে, দ্বিতীয়দিনা অৰ্থাৎ ৬ জানুৱাৰীত দিনৰ ১১ বজাৰ পৰা ছবি প্ৰদৰ্শন কৰা হ’ব। বিয়লি ৪.৩০ বজাত অনুষ্ঠিত হ’ব বঁটা বিতৰণী অনুষ্ঠান। উল্লেখ্য যে, এই অনুষ্ঠানত ভাগ ল’ব কানাড়া ছবিৰ অভিনেতা সুনীল পুৰাণিকেও।