গুৱাহাটী – বুধবাৰে সন্ধিয়াৰ ভাগত চূড়ান্ত হ’ব শাসকীয় মিত্ৰজোঁটৰ দল সমূহৰ মাজত আসনৰ বুজাবুজি। গৃহমন্ত্ৰী অমিত শ্বাহ চূড়ান্ত কৰিব বিজেপি, অগপ আৰু ইউ পি পি এলে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া আসনৰ সংখ্যা। ইতিমধ্যে ৯৯ শতাংশ আলোচনা সমাপ্ত হৈছে বুলিও মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
আগন্তক বিধানসভা নিৰ্বাচনৰ বাবে আসনকলৈ শাসকীয় মিত্ৰজোঁটৰ মাজত অব্যাহত আছে আলোচনা। বিশেষকৈ অসম গণ পৰিষদক এইবাৰ বিজেপিয়ে কেইখন আসন এৰি দিব ইয়াকে লৈ ৰাজনৈতিক মহলত চলিছে ব্যাপক চৰ্চা। বর্তমানলৈকে আসনৰ বুজাবুজিক লৈ দল দুটাৰ মাজত চূড়ান্ত হোৱা নাই কোনো ধৰণৰ সিদ্ধান্ত।
বিজেপি আৰু অগপৰ মাজত আসনৰ বুজাবুজিকলৈ বিগত দুদিনত ধৰি কেইবাবাৰো আলোচনা অনুষ্ঠিত হৈছে যদিও চূড়ান্ত সিদ্ধান্ত বুধবাৰে সন্ধিয়াৰ ভাগতে পোহৰলৈ আহিব। বুধবাৰে দুপৰীয়াৰ ভাগত ৰাজ্যিক বিজেপি, অগপ আৰু ইউ পি পি এলৰ নেতৃত্ব দিল্লীলৈ উৰা মাৰিব।
দিল্লীত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ লগত ৰাজ্যিক বিজেপি, অগপ আৰু ইউ পি পি এলৰ নেতৃত্ব আলোচনাত মিলিত হোৱাৰ পিছতে শাসকীয় মিত্ৰজোঁটৰ আসনৰ বুজাবুজিৰ স্পষ্ট ছবি পোহৰলৈ আহিব। গৃহমন্ত্ৰী অমিত শ্বাহই আলোচনাৰ পিছত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই।
ইতিমধ্যে বিজেপি আৰু অগপৰ মাজত আসনৰ বুজাবুজিকলৈ ৯৯ শতাংশ আলোচনা সমাপ্ত হৈছে বুলিও জানিবলৈ দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য মঙলাবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছিল যে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনতকৈ অগপৰ আসনৰ সংখ্যা হ্ৰাস নাপায় বুলি।