নিউজ ডেস্কঃ অসম চৰকাৰৰ উদ্যোগত সৃষ্টি হ’বলৈ গৈ আছে এক নতুন অভিলেখ। অহা ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অসমৰ দহ সহস্ৰাধিক বিহুৱা বিহুৱতীৰ বিহুনৃত্যৰ দ্বাৰা গঢ়া হ’ব Guinness Book of World Records। এতিয়া সকলোবোৰ জিলাতেই প্ৰায় শেষ পৰ্যায়ৰ আখৰা সম্পূৰ্ণ কৰিছে।

ডিব্ৰুগড়ৰ জালান ষ্টেডিয়ামতো শনিবাৰে বিহুৱা বিহুৱতীৰ দ্বাৰা কৰা হয় চুড়ান্ত আখৰা। ডিব্ৰুগড় জিলাৰ পৰা বাচনি কৰা হৈছে মুঠ ১৪৭০ গৰাকী বিহুৱা-বিহুৱতী। যিয়ে, ১৪ এপ্ৰিলত অনুষ্ঠিত হ’বলীয়া বিশ্ব অভিলেখ সৃষ্ঠিৰ বাবে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত এই সকলে অংশগ্ৰহণ কৰিব।

ডিব্ৰুগড়ৰ জালান ষ্টেডিয়ামত শনিবাৰৰ চূড়ান্ত আখৰা স্থলীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম চৰকাৰৰ মন্ত্ৰীদ্বয় বিমল বড়া আৰু ৰণজিৎ কুমাৰ দাস, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়কদ্বয়  তেৰছ গোৱালা আৰু  পোনাকণ বৰুৱা প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল আৰু জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত আছিল।

আখৰাত উপস্থিত থকা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ফেচবুক পোষ্টৰ জৰিয়তে লিখে, “ডিব্ৰুগড়ৰ জালান ষ্টেডিয়ামত উপস্থিত হৈ জিলাখনৰ ১,৪৭০ গৰাকী বিহুৱা-বিহুৱতীৰ দ্বাৰা পৰিৱেশিত বিহুনৃত্যৰ চূড়ান্ত আখৰা উপভোগ কৰি আপ্লুত হ’লোঁ। বিহুক বিশ্বমুখী কৰাৰ দিশত অসম চৰকাৰৰ এই অভিনৱ প্ৰচেষ্টা নিতান্তই প্ৰশংসনীয়”।

ইফালে, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই ফেচবুকত বিহুনৃত্য কৰাৰ এক ভিডিঅ’ শ্বেয়াৰ কৰি লিখে, “এয়া মাথোঁ ডিব্ৰুগড়ৰ দৃশ্য…. অপেক্ষা অহা ১৪ এপ্ৰিল তাৰিখলৈ….”

উল্লেখযোগ্য যে, অসম চৰকাৰে দ্বাৰা অংশগ্ৰহণকাৰী সকলে পৰিবহণ আৰু পোছাকৰ বাবে ভাট্টা লাভ কৰিব। চৰকাৰে প্ৰশিক্ষণ আৰু অনুশীলনৰ বাবে পৰিবহণৰ বাবদ প্ৰতিদিনে ৩০০টকাকৈ আৰু সাজপাৰৰ বাবে ৩,০০০ টকাকৈ প্ৰদান কৰিব৷ ইতিমধ্যেই প্ৰায় সকলোবোৰ বিহুৱা-বিহুৱতীৰ একাউণ্টত সাজপাৰৰ বাবে ৩,০০০ টকা বেংকত ভৰাই দিছে চৰকাৰে।

লগতে পঢ়ক – দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply