বিশ্বনাথ : অৱশেষত উদ্ধাৰ কৰা হ’ল ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ। বিশ্বনাথ ঘাটত উদ্ধাৰ হৈছে ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ।কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ ভাছাতাপুতত ব্ৰহ্মপুত্ৰৰ পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ।
জেপত উদ্ধাৰ হোৱা পৰিচয় পত্ৰ আৰু পোচাকৰ পৰা চিনাক্ত কৰা হৈছে ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ। ইফালে অন্যজন সন্ধানহীন বিক্ৰমজিত বৰুৱাৰ সন্ধান বৰ্তমানো লাভ কৰা নাই। মৃতদেহটোৰ লগত পোৱা পান কাৰ্ড, ভোটাৰ আই ডি কাৰ্ড, এটিএম কাৰ্ড উদ্ধাৰ কৰা হৈছে। আৰু তাৰ পিছতে মৃতদেহটো ইন্দ্ৰেশ্বৰ বৰাৰ বুলি নিশ্চিত হৈছে। ইফালে মৃতদেহটোৰ আঙুলিত আছে ‘J’ আখৰ লিখা আঙুঠি পোৱা গৈছে, খুৰাকে মৃতদেহটো ইন্দ্ৰেশ্বৰ বৰাৰ বুলি চিনাক্ত কৰিছে।
ঘটনাৰ অন্তিম মূহুৰ্তৰ কথা বৰ্ণনা কৰি ইন্দ্ৰেশ্বৰ বৰাৰ পত্নী ৰূপৰেখা সেনাপতি বৰাই কয় যে,” যেতিয়া নাৱৰ ভিতৰত পানী সোমাবলৈ আৰম্ভ কৰিল, তেতিয়া তেওঁ মোক যিকোনো প্ৰকাৰে নাওখনৰ পৰা উলিয়াই আনিবলৈ চেষ্টা কৰে।’ভয় নকৰিবা, নাৱত এনেকুৱা কেতিয়াবা হয়েই।নিজে সমুখলৈ গৈ বহুলোকক টানি আজুৰি উদ্ধাৰ কৰিলে।
মই সেইসময়ত যাব পৰা নাছিলো,তেতিয়া মোক চিঞৰিছিল- হাত খন দিয়া, হাত খন দিয়া।মই তেওঁৰ হাতত ধৰি ওপৰলৈ উঠি গৈছিলো।তাৰ পিছত মোক হাতত ধৰি ইখন নাৱলৈ নিজেও পাৰ হৈছিল মোক পাৰ কৰাইছিল।
তাৰ পিছত মোক কৈছিল, মোৰ বাবে চিন্তা নকৰিবা মোৰ একো নহয়, তুমি এই ফালেদি গৈ থাকা।আমি ইমান দূৰৈত নাই নহয়।মোক উদ্ধাৰ কৰি পিছত নিজেই নাইকীয়া হৈ গ’ল মানুহজন।”
লগতে পঢ়ক : ডিফুত চিলিণ্ডাৰ বিস্ফোৰণ, স্কুটী আৰু দোকান ভস্মীভূত
ইফালে আজিৰে পৰা নিমাতিঘাটৰ পৰা চলাচল আৰম্ভ হৈছে ৰ’পেক্স জাহাজ। আজি নিমাতিঘাটৰ পৰা মাজুলী অফলাঘটলৈ চলিছে ৰ’পেক্স জাহাজ। সকলো যাত্ৰীক পঞ্জীয়ন কৰাৰ লগতে লাইফ জেকেটৰ সুবিধা দিয়া হৈছে।
বিয়লি ৩ বজাত অন্য এখন ৰ’পেক্স জাহাজ নিমাতিঘাটৰ পৰা অফলালৈ যাব। প্ৰথমদিনা ঘাটৰ পয্যাপ্ত সুবিধা নথকাৰ বাবে অফলালৈ চলোৱা হৈছে জাহাজখন। পৰৱৰ্তী সময়ত জাহাজখনৰ পথ সলনি কৰা হ’ব।