আদানী-হিণ্ডেনবাৰ্গ কাণ্ডই সমগ্ৰ দেশকে জোকাৰি যোৱাৰ পাছত প্ৰাৰম্ভিক পৰ্যায়ত নীৰৱে ৰৈছিল কেন্দ্ৰীয় মন্ত্ৰ্যালয়।

কিন্তু শেহতীয়াকৈ আদানীৰ বিৰুদ্ধে উত্থাপিত গোচৰৰ প্ৰাবল্য বাঢ়ি যোৱাত উচ্চতম ন্যায়ালয়ে অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলৰ জৰিয়তে এখন বিচাৰপীঠ তৈয়াৰ কৰিছিল এই গোচৰসমূহৰ সত্যতা বিচাৰ কৰিবলৈ।

এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক কৰা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে তেওৰ মন্তব্য প্ৰদান কৰি কয় যে, দেশবাসীক আদানীৰ বিৰুদ্ধে থকা প্ৰমাণ সমূহ দাখিল কৰিবলৈ অনুৰোধ জনোৱা হৈছে। সেই সমূহৰ ভিত্তিত অতি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰা হ’ব দোষীৰ বিৰুদ্ধে। ভাৰতত কোনো দোষীয়েই সাৰি নাযায় ন্যায়লয়ৰ দৃষ্টিৰ পৰা।

লগতে গৃহমন্ত্ৰীগৰাকীয়ে অনুসন্ধানকাৰী সংস্থাসমূহক প্ৰত্যাহ্বান জনাই কয় যে, যদি আদানীৰ বিৰুদ্ধে সচাকৈ কোনো প্ৰমাণ আছে তেন্তে ৰাজপথত আন্দোলন কৰাতকৈ ন্যায়ালয়ৰ দ্বাৰস্থ হওক সংস্থাসমূহ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply