যোৱা ২৬ মাৰ্চত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বন সংমণ্ডলৰ অধীনৰ বনাঞ্চলত সংঘটিত হৈছিল গঁড় হত্যা।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দীৰ্ঘদিনৰ মূৰত গঁড় হত্যা হোৱাৰ পাছতে আৰক্ষীয়ে চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছিল। মৃত গঁড়টো উদ্ধাৰ হোৱাৰ ৫দিন উকলি যোৱাৰ পিছতো হত্যাৰ লগত জড়িত চোৰাং চিকাৰী বা অপৰাধীক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাছিল আৰক্ষী।

অৱশেষত অপৰাধীক কৰায়ত্ব কৰাৰ বাবে নগাঁওআৰক্ষীয়ে পুৰস্কাৰ ঘোষণা কৰিছিল।

নগাঁও আৰক্ষীয়ে অপৰাধৰ লগত জড়িত অপৰাধীৰ সন্ধান দিওঁতাক ৫ লাখ টকাৰে পুৰস্কৃত কৰাৰ কথা কোৱাৰ পাছতেই শুকুৰবাৰে নিশা জামুগুৰিহাটত আৰক্ষীয়ে এটা দুধৰ্ষ গঁড় চিকাৰী আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন গঁড় চিকাৰীটোৰ নাম হাৰুণ ইছলাম বুলি জানিব পৰা গৈছে। গঁড় চিকাৰী হাৰুণ ইছলামক জামুগুৰি আৰক্ষী আৰু জখলাবন্ধা আৰক্ষীয়ে যৌথ অভিযান চলাই জামুগুৰিহাটৰ চাৰি নং চিৰুৱানীৰ পৰা আটক কৰিবলৈ সক্ষম হৈছে।

তথ্য অনুসৰি হাৰুণ ইছলামৰ স্বীকাৰোক্তিৰ ভিত্তিতে আজি পুৱা আন দুটা গঁড় চিকাৰীক আটক কৰা হৈছে বুলি জানিব পৰা গৈছে।

কিন্তু বৰ্তমানেও দুজন চিকাৰীৰ পৰিচয় জানিব পৰা হোৱা নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply