গুৱাহাটীঃ গুৱাহাটীৰ সিজুবাৰীস্থিত ”মাডাৰ অল্ড এজ হোম”ৰ পৰিচালনাৰ দায়িত্বত থকা সম্পাদক মণিকা শৰ্মা আৰু সভাপতি উৎপল হৰ্ষবৰ্ধনৰ মাজত হোৱা মতানৈক্যৰ ফলত সৃষ্টি হোৱা বেমেজালি দূৰ কৰিবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা তৎপৰ হোৱা দেখা গৈছে।
পৰিস্থিতিৰ ব্যক্তিগতভাৱে তদাৰক কৰিবৰ বাবে মুখ্যমন্ত্রীয়ে বিত্ত তথা সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ প্ৰদান কৰিছে।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বৃদ্ধাশ্ৰমখনলৈ গ’ল মন্ত্ৰী অজন্তা নেওগ। আশ্ৰমখনৰ পৰিৱেশ-পৰিস্থিতি সন্দৰ্ভত বুজ ল’লে মন্ত্ৰীগৰাকীয়ে।
বৃদ্ধাশ্ৰমখনত থকা আৱাসীসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যা সন্দৰ্ভত কথা পাতিলে অজন্তা নেওগে।
লগতে পঢ়কঃগুৱাহাটীৰ ‘মাডাৰ্ছ অ’ল্ড এজ হােম’ৰ শেহতীয়া ঘটনাৰ তদন্তৰ নির্দেশ মুখ্যমন্ত্ৰীৰ
লগতে মণিকা শৰ্মা আৰু উৎপল হৰ্ষবৰ্ধনৰ লগতো মত বিনিময় কৰে মন্ত্ৰী নেওগে। পিছে বুধবাৰৰ দিনটোত দুয়োগৰাকীয়ে মিলিজুলি কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো মন্ত্ৰীৰ আগত দুয়োগৰাকীৰ আকৌ একেই এজনে আনজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে।
মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত সমাধানৰ পথ উলিয়াব বুলিও মন্তব্য কৰে ।
স্বেচ্ছাসেৱী সংগঠন মনালিছা ছ’চাইটীৰ বেনাৰত ২০১২ চনৰ ২১ জুলাইত আত্মপ্রকাশ কৰা মাদাৰ বৃদ্ধাৱাস বিগত সময়ছোৱাত সভাপতি উৎপল আৰু সম্পাদক মণিকাৰ অশেষ ত্যাগ আৰু কষ্টৰ বিনিময়ত চলি আছিল যদিও দুয়োজনৰ মাজত শেহতীয়াকৈ দেখা দিয়া মনোমালিন্যৰ বাবে প্রতিষ্ঠানটোৰ আৱাসীসকলৰ মাজত তীব্র অসন্তুষ্টি বিৰাজ কৰিছে ৷
ফলত বুধবাৰৰ দিনটোত ককা-আইতাসকলক মনালিছা ছ’চাইটীৰ অধীনৰ অজন্তা পথত থকা আন এখন বৃদ্ধাশ্ৰমলৈ লৈ যোৱা হয়।