দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দায়িত্বত থকা অভিভাৱক মন্ত্ৰী তথা ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্তা নেওঁগ শনিবাৰে জিলাৰ সদৰ হাটশিঙিমাৰীস্থ জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ জিলাখনত ক’ভিড মহামাৰীত স্বামী হেৰুওৱা মহিলাক মুখ্যমন্ত্ৰী বিধবা সাহায্য আঁচনিৰ অধীনত ১৪ গৰাকী হিতাধিকাৰীক ২.৫ লাখক টকাকৈ চেক বিতৰণ কৰাৰ লগতে জিলাখনৰ সকলো বিভাগৰ বিষয়া কৰ্মচাৰীৰে এখন পৰ্যালোচনা সভা অনুষ্ঠিত কৰে। অভিভাৱক মন্ত্ৰী গৰাকী প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ পৰা চুবুৰীয়া ৰাজ্য মেঘালয় হৈ জিলাৰ সদৰ হাটশিঙিমাৰীত উপস্থিত হয়।
হাটশিঙিমাৰী আৱৰ্ত ভৱনত ১১.৩০ বজালৈ পুৱাৰ আহাৰ গ্ৰহন কৰি মন্ত্ৰী গৰাকী ১১.৪৫ বজাত জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয়। উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত মন্ত্ৰী গৰাকীৰ লগতে জিলা উপায়ুক্ত এইচ এন গৌতম, জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সুবোদ কুমাৰ সোনোৱাল, মানকাচৰৰ বিধায়ক আমিনুল ইছলাম, দক্ষিণ শালমাৰাৰ বিধায়ক হাজী ওৱাজেদ আলী চৌধুৰী, জিলা অতিৰিক্ত উপায়ুক্ত ধ্ৰব জ্যোতি দাস আৰু লক্ষ্মী কুটুম, জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সত্য ৰঞ্জন শইকীয়া, জিলা সহকাৰী আযুক্তা হিয়া মেধী, কৃতাঞ্জলী কাশ্যপৰ লগতে বিভিন্ন বিভাগৰ বিষয়া সকল উপস্থিত থাকে। ক’ভিড মহামাৰীত স্বামীহাৰা মহিলাৰ বাবে মুখ্যমন্ত্ৰী বিধবা সাহায্য আঁচনিৰ অধীনত এক বিত্তীয় সাহায্য অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানৰ জৰিয়তে মন্ত্ৰী গৰাকীয়ে উক্ত আঁচনিৰ জৰিয়তে জিলাখনত ক’ভিডত স্বামী হেৰুওৱা ১৪ গৰাকী বিধবা হিতাধিকাৰীলৈ ২.৫ লাখ টকাকৈ চেক বিতৰণ কৰে।
ইয়াৰ পিছতেই হিতাধিকাৰী সকলক ঘৰলৈ যাবলৈ দিয়াৰ লগতে উক্ত সভাকক্ষতেই দিনৰ প্ৰায় ১২ বজাত জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন তথা জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী সকলক লৈ এখন পৰ্যালোচনা সভা আৰম্ভ হয়। দিনৰ প্ৰায় ১২ বজাৰ পৰা আৰম্ভ হোৱা পৰ্যালোচনা সভাখন বিয়লি প্ৰায় ২.৪৫ বজালৈ অনুষ্ঠিত হয়। ইয়াৰ পিছতেই সভাকক্ষৰ বাহিৰত মন্ত্ৰী গৰাকী সংবাদ মেলৰ আয়োজন কৰে। সংবাদমেলত মন্ত্ৰী গৰাকীয়ে জিলাখনৰ উন্নয়নক লৈ ৰণনীতি প্ৰস্তত কৰাৰ লগতে জিলাখনৰ সকলো সমস্যা আৰু ইয়াৰ সমাধানৰ ক্ষেত্ৰত কেনে পদক্ষেপ গ্ৰহণ কৰিব পাৰি সেই সম্পৰ্কে বিস্তাৰিতভাৱে প্ৰতিবেদন প্ৰস্তুত কৰাৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশ দিয়া পৰিলক্ষিত হয়। একেদৰে জিলাখনত বিভিন্ন বিভাগত চলি থকা দুৰ্নীতি সম্পৰ্কে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ মন্ত্ৰী গৰাকী কয় যে কোনো বিভাগতে ৰাজ্য চৰকাৰে দুৰ্নীতি হ’বলৈ নিদিয়ে। দুৰ্নীতিৰ উপযুক্ত প্ৰমাণ হ’লে চৰকাৰে আইনগত ব্যৱস্থা লব বুলিও মন্ত্ৰী গৰাকী সংবাদমেলযোগে প্ৰকাশ কৰে।
আনহাতে জিলাখনৰ দক্ষিণ-পূবত চুবুৰীয়া ৰাজ্য মেঘালয় হোৱাৰ লগতে উত্তৰ-পশ্চিম ফালে বাংলাদেশ আৰু মহাবাহু ব্ৰহ্মপুত্ৰ নদী। এই ক্ষেত্ৰত জিলাখনৰ পৰা কোনো লোক ৰাজ্যৰ ৰাজধানীকে ধৰি জিলাখনৰ পৰা যিকোনো স্থানত যাতায়ত কৰিবলৈ হ’লে মেঘালয় হৈ আহ-যোৱা কৰিবলগীয়া হয়। কিন্তু সময়ে সময়ে মেঘালয়ত অসমীয়া লোকৰ ওপৰত অত্যাচাৰ চলোৱাৰ ফলত জিলাখন ভৌগলিক দিশত পিছপৰি থকা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত জিলাখনৰ পৰা কেবল অসমৰ ভূমিৰে ৰাজ্যৰ ৰাজধানীলৈ যাবলৈ এখন সুকীয়া পথ নিৰ্মাণ কৰিলে জিলাবাসীয়ে উপকৃত হ’ব বুলি সাংবাদিকে মন্ত্ৰী গৰাকীক অৱগত কৰি এই ক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণ কৰা হ’ব নেকি প্ৰশ্ন উত্থাপন কৰে। এই ছ সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয় যে গডকপ্তানী বিভাগৰ সৈতে ইয়াক লৈ আলোচনা কৰি কিদৰে ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় তাক লৈ আমাৰ চৰকাৰে বিবেচনা কৰিব বুলি কয়। জিলাখনৰ বান-গৰাখহনীয়া সমস্যাৰ পৰা আৰম্ভ কৰি প্ৰতিটো সমস্যা সমাধানৰ ক্ষেত্ৰত মন্ত্ৰী গৰাকী ইতিমধ্যে জিলা প্ৰশাসনৰ সৈতে আলোচনা কৰিছে বুলি প্ৰকাশ কৰি সমাধানৰ ক্ষেত্ৰত চৰকাৰে যথেষ্ট খিনি কৰাৰ চেষ্টা কৰাৰ আশ্বাস দিয়ে।
লগতে পঢ়ক : কাজিৰঙাৰ এনিমেল কৰিডৰবোৰত উৰণীয়া সেতু নিৰ্মাণ কৰাৰ পৰিকল্পনা
একেদৰে জিলাখন নতুনকৈ গঠন হোৱাৰ আজি প্ৰায় ৬ বছৰ অতিক্ৰম কৰিলে যদিও এতিয়ালৈ বিভিন্ন বিভাগৰ কাৰ্যালয় জিলাখনত নথকাত জিলাখন আজিও পূৰ্ণ পৰ্যায়ৰ জিলা হোৱা নাই। এই ক্ষেত্ৰত চৰকাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নেকি প্ৰশ্ন কৰাত মন্ত্ৰী গৰাকী কয় যে মই প্ৰথম বাৰৰ বাহেহে জিলাখনত উপস্থিত হৈ পৰিস্থিতৰ বুজ লৈছো। প্ৰতি মাহে নহলেও প্ৰতি দুমাহৰ মুৰে মুৰে মই জিলাখনত আহিম আৰু প্ৰতিটো সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰিব পাৰি তাক লৈ জিলা প্ৰশাসনৰ সৈতে আলোচনা কৰি জিলাখনত আগুৱাই নিয়াৰ চেষ্টা কৰিম। আনহাতে জল জীৱন মিছন আঁচনিৰ বাবে ইতিমধ্যে ১৯ টা প্ৰকল্প সম্পন্ন হৈছে। জিলা প্ৰশাসনৰ উদ্যোগত ইতিমধ্যে একাংশ আঁচনি শুভ উদ্ধোধন কৰা হৈছে যদিও একাংশ আঁচনিৰ পৰা পানী নোলোৱাৰ ফলত আঁচনি সমূহ বিফল হোৱা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত মন্ত্ৰী গৰাকী কয় যে যদি কোনো আঁচনিৰ পৰা ৰাইজে পানী নাপায় সেই আঁচনিৰ কাম কৰা ঠিকাদাৰে যাতে পানী নিদিয়ালৈ বিল নাপায় তাৰ বাবে জিলা প্ৰশাসনে গুৰুত্ব দিব লাগে। একেদৰে এই জল জীৱন আঁচনিৰ দ্বাৰা জিলাখনত প্ৰায় ৮০ হেজাৰ পৰিয়ালে চৰকাৰীভাৱে বিশুদ্ধ খোৱাপানী লাভ কৰিব বুলিও মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।