গোলাঘাট : বিত্ত আৰু সমাজ কল্যান বিভাগৰ মন্ত্ৰী তথা গোলাঘাট সমষ্টিৰ বিধায়ক অজন্তা নেওগে বৃহস্পতিবাৰে গোলাঘাট আৱৰ্ত ভৱনৰ প্ৰেক্ষাগৃহত জিলাখনৰ ক’ভিড পৰিস্থিতিৰ লগতে বিভিন্ন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে। মন্ত্ৰী গৰাকীয়ে জিলাখনত বিশেষকৈ চাহ বাগিচা অঞ্চলসমূহত ক’ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে সজাগতা সৃষ্টিৰ ক্ষেত্ৰত অধিক সক্ৰিয়ভাৱে কাম কৰিবলৈ স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে।
বিত্ত আৰু সমাজ কল্যান বিভাগৰ মন্ত্ৰী গৰাকীয়ে প্ৰতিজন ক’ভিড ৰোগী এই সংক্ৰমণৰ পৰা মুক্ত নোহোৱালৈকে নিয়মীয়াকৈ তেওঁলোকৰ সৈতে যোগাযোগ ৰাখিবলৈ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে। সংক্ৰমণ ধৰা পৰা কোনো লোক যাতে ব্যক্তিগত বাহনেৰে ঘৰলৈ যাব নোৱাৰে সেইয়া সুনিশ্চিত কৰিবলৈও মন্ত্ৰীগৰাকীয়ে কয়। মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত চক্ৰ বিষয়াসকলক বাগান কৰ্তৃপক্ষৰ সৈতে যোগাযোগ ৰক্ষা কৰি চলিবলৈ পৰামৰ্শ আগবঢ়ায়।জিলাখনৰ ৭৯ খন চাহ বাগিচাতে ক’ভিড পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে ৰোগীসকলৰ খবৰ ৰাখিবলৈ মন্ত্ৰীগৰাকীয়ে চক্ৰ বিষয়াসকলক নিৰ্দেশ দিয়ে।
বৰ্তমান জিলাখনৰ ক’ভিড কেয়াৰ কেন্দ্ৰত ৪৮৮ জন লোক চিকিৎসাধীন হৈ আছে।মন্ত্ৰী গৰাকীয়ে গোলাঘাট পৌৰ সভাক অধিক গতিশীল কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰি কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমক দেশৰ ভিতৰতে শীৰ্ষৰ ৫ খন ৰাজ্যৰ ভিতৰত অন্যতম হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰতিটো বিভাগক সক্ৰিয়তাৰে কাম কৰিবলৈ নিৰ্দেশ দিছে। এই ক্ষেত্ৰত গোলাঘাটক ৰাজ্যৰ ভিতৰতে শীৰ্ষৰ ৩ খন জিলাৰ অন্যতম হিচাপে গঢ় দিবলৈ প্ৰতিটো বিভাগে সমন্বয় ৰক্ষা কৰি অধিক গতিশীলভাৱে কাম কৰিব লাগিব।
মন্ত্ৰী গৰাকীয়ে জিলাখনৰ উন্নয়নমূলক কাম-কাজসমূহৰ গতি তৰান্বিত কৰিবলৈ সংশ্লিষ্ট সকলো বিভাগক নিৰ্দেশ দিয়ে। তেওঁ জিলা ৰাজহ বিভাগক অতি সোনকালেই মেপিঙৰ ভিত্তিত ৰাজহ সংগ্ৰহত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়। প্ৰস্তাৱিত গোলাঘাট চিকিৎসা মহাবিদ্যালয়, সতী সাধনী বিশ্ববিদ্যালয় আৰু জিলা সমাজ কল্যান বিভাগৰ কাৰ্যালয় স্থাপনৰ বাবে মাটি চিনাক্ত কৰিবলৈও তেওঁ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে।
মন্ত্ৰীগৰাকীয়ে প্ৰতিটো সমষ্টিত ৫ টাকৈ আদৰ্শ অংগনবাড়ী কেন্দ্ৰ স্থাপন কৰাৰ বাবে অতি সোনকালেই প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈও নিৰ্দেশ দিয়ে। তেওঁ প্ৰতিটো বিভাগক আঁচনি ৰূপায়নৰ পূৰ্বে আঁচনিখনৰ সম্ভাব্য কৃতকাৰ্যতা সন্দৰ্ভত সঠিকভাৱে সমীক্ষা তথা জৰীপ কৰাৰ লগতে প্ৰকৃত হিতাধিকাৰী যাতে বঞ্চিত নহয় তাৰ ওপৰত চকু ৰাখিবলৈ নিৰ্দেশ দিয়ে। মন্ত্ৰী গৰাকীয়ে জিলাখনৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কাম-কাজসমূহৰ ক্ষেত্ৰত কয় যে কোনো কাৰণতে যাতে কোনো পঞ্চায়ত প্ৰতিনিধিয়ে দুৰ্নীতিক প্ৰশ্ৰয় নিদিয়ে সেইয়া সুনিশ্চিত কৰিব লাগিব। প্ৰতিখন আঁচনি ৰাইজৰ হিতাৰ্থে হ’ব লাগিব বুলি তেওঁ মত প্ৰকাশ কৰে।
তেওঁ কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিচৰাৰ দৰে মানুহৰ আস্থা যাতে চৰকাৰ-প্ৰশাসনৰ ওপৰত কোনো কাৰণতে লাঘৱ নহয় তাৰ প্ৰতি প্ৰত্যেকজন বিষয়া-কৰ্মচাৰী সতৰ্ক হ’ব লাগিব। সেয়া কৰিবলৈ সমগ্ৰ ব্যৱস্থাটোক আমি পুনৰ নিৰ্মাণ কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে গোলাঘাট জিলাত অব্যাহত থকা উন্নয়নমূলক কাম-কাজসমূহৰ গতি তৰান্বিত কৰিবলৈও নিৰ্দেশ দিয়ে।
আৰু পঢ়কঃ মহানগৰীত সান্ধ্যআইনত বিজেপি নেতাক চাইকেল চলোৱাত বাধা দিয়াৰ বাবেই চাকৰি গ’ল আৰক্ষীৰ
তেওঁ বিভিন্ন বিভাগৰ জিলা মুৰব্বীসকলৰ লগতে চাহ বাগিচাৰ প্ৰৱন্ধকৰ সৈতেও আলোচনাত মিলিত হয় । বৈঠকত অংশ লৈ সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে সমষ্টিটোৰ বাট-পথসমূহৰ উন্নয়ন সম্পৰ্কে পৰ্যালোচনা কৰে। তেওঁ ক’ভিডৰ বিৰুদ্ধে যুঁজখনত সকলোৱে সন্মিলিতভাৱে কাম কৰিব লাগিব বুলি মত প্ৰকাশ কৰে। বৈঠকত জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে কয় যে জিলাখনত ক’ভিড ৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে জিলা প্ৰশাসনে প্ৰয়াস অব্যাহত ৰাখিছে। যোৱা কেইটামান দিনত জিলাখনৰ সংক্ৰমণৰ হাৰ ভালেখিনি হ্ৰাস পাইছে বুলি তেওঁ মন্তব্য কৰে।