নিউজ ডেস্কঃ অতি শীঘ্ৰই ৰাজ্যত প্ৰদান কৰা নতুনকৈ ৪০ হাজাৰ চাকৰিৰ নিযুক্তি। মঙলবাৰে ৪০ হাজাৰ নিযুক্তিৰ ক্ষেত্ৰত ঘোষণা কৰে বিত্ত মন্ত্ৰী অজন্তা নেওগে।

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ মঙলবাৰৰ প্রশ্নোত্তৰ কালত শিৱসাগৰ বিধায়ক অখিল গগৈয়ে সদনত প্রশ্ন উত্থাপন কৰে যে অসম চৰকাৰৰ যোষণা কৰা এক লাখ নিবনুৱাৰ নিযুক্তি কেতিয়া সম্পূর্ণ হ’ব আৰু বৰ্তমান লৈকে কিমান পদত নিযুক্তি দিয়া হ’ল ?

উক্ত প্ৰশ্নটোৰ উত্তৰত বিত্ত মন্ত্ৰী অজন্তা নেওগে কয় যে, অসম চৰকাৰে ঘোষণা কৰা ১ লাখ নিযুক্তি প্ৰক্ৰিয়া অব্যাহত আছে।

লগতে বিত্ত মন্ত্ৰীয়ে কয় য়ে, এতিয়ালৈ চৰকাৰে প্ৰায় ৪১ হেজাৰৰো অধিক পদত নিযুক্তি প্ৰদান কৰিছে। লগতে, অহা ১০ ৰ পৰা ২০ মে’ৰ ভিতৰত পুনৰ ৪০ হেজাৰ পদত নিযুক্তি প্ৰদান কৰিব বুলি জনাই।

ইফালে, অখিল গগৈয়ে কয় যে, ২০২২ৰ ৩১ মাৰ্চৰ ভিতৰত এক লাখ পদত নিযুক্তি সম্পন্ন কৰিব নোৱৰাৰ কাৰণ কি? তদুপৰি ৰাজ্যপালৰ অভিভাষণত ৪২,৯২০ টা পদত নিযুক্তি দিয়া বুলি কোৱা হৈছিল। কিন্তু আজিৰ উত্তৰত কোৱা হৈছে ৩৮,৯৮৭ টা পদ বুলি।

ইয়াৰ উত্তৰত েওগে কয় যে, ক’ভিডৰ বাবে নিযুক্তি প্ৰক্ৰিয়াত অলপ দেৰি হৈছে। কিন্তু এক লাখ পদত নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰ বদ্ধপৰিকৰ।

উল্লেখযোগ্য যে, ২০২২ৰ ২৫ মে’ৰ পৰা এতিয়ালৈ ৩৮,৯৮৭ টা পদত নিযুক্তি সম্পন্ন কৰা হৈছে। ইয়াৰ ভিতৰত নিয়মীয়া পদৰ সংখ্যা ৩৫,১৮০ টা আৰু ঠিকাভিত্তিক পদৰ সংখ্যা ৩,৮০৭ টা বুলি অজন্তা নেওগে কয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply