গোলাঘাট : আজি মহানৱমী, মহাশক্তি দুৰ্গাই মহিষাসুৰ বধৰ বাবে আজি লৈছিল মহিষমৰ্দিনী ৰূপ আৰু সংহাৰী যুঁজখনৰ আজি আছিল অন্তিম দিন। দেৱী দুৰ্গাই সমস্ত শক্তিৰে নৱমীৰ শেষ ক্ষণত অমোঘ অস্ত্ৰৰে প্ৰহাৰ কৰিছিল মহিষাসুৰক। দশমীৰ পুৱাই বধ হৈছিল মহিষাসুৰ। নৱমীৰ দিনটো সমগ্ৰ ভাৰতত বিভিন্ন ধৰণেৰে পালন কৰা হয়। ৰাজ্যৰ বিভিন্ন পূজা মণ্ডপত পুৱাৰে পৰা আৰম্ভ হৈছে নৱমী পুজা।

আজিৰ দিনটোত বহু ৰাজহুৱা পূজাত আয়োজন হৈছে কুমাৰী পূজা। বিভিন্ন থান-দেৱালয়ত বলি-বিধানেৰে দেৱীৰ আৰাধনা। পুৱাৰে পৰা ভক্তৰ ভিৰ পূজা মণ্ডপ সমূহত। পূজাৰ বতৰত ৰাজনৈতিক দলৰ নেতা সকলকো দেৱী দুৰ্গাৰ আশীষ লোৱা দেখা গৈছে। বিত্তমন্ত্ৰী অজন্তা নেওগে গোলাঘাটৰ বিভিন্ন পূজা মণ্ডপত আশীষ লোৱা দেখা যায়।

লগতে পঢ়ক : খেৰনিত ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰিছে হাতী-মানুহৰ সংঘাত

বিত্তমন্ত্ৰী অজন্তা নেওগে নৱমীৰ পূজাত অংশ ল’বলৈ ত্ৰিশুল মন্দিৰত উপস্থিত হৈ আশীষ লোৱাৰ লগতে মন্দিৰত হৈ থকা যজ্ঞতো অংশগ্ৰহণ কৰে। ইফালে দুদিনীয়া ভ্ৰমণসূচী লৈ ধুবুৰীত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নৱমীৰ পুৱাই ধুবুৰীৰ গুৰুদ্বাৰত সেৱা লয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply