ব’হাগৰ প্ৰথম সাত দিনৰ ভিতৰত ৰঙালী বিহু উদ্যাপন কৰি অহা ৰাজ্যৰ বিহু উদযাপন সমিতি সমূহক ৰাজ্য চৰকাৰে এককালীন আর্থিক সাহায্য প্রদান কৰাৰ কথা ঘোষণা কৰিছিল। সেই মৰ্মে আজি মৰাণত ৭ খন বিহু উদযাপন সমিতিক এককালীন আর্থিক সাহায্য প্রদান কৰিলে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে ।
মৰাণ ৰাজহ চক্ৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানটোত মৰাণৰ ৰাজহ চক্ৰ বিষয়া ড৹ সংগীতা শৰ্মা উপস্থিত থাকি মৰাণৰ ৭ খনকৈ বিহু সমিতিক আনুষ্ঠানিক ভাৱে চেক সমূহ প্ৰদান কৰে ।
চৰকাৰৰ এককালীন আর্থিক সাহায্য লাভ কৰা মৰাণৰ বিহু সমিতি সমূহ ক্ৰমে- মৰাণ কুশল নগৰ সাংস্কৃতিক বিকাশ কেন্দ্ৰ, মৰাণ লাচিত নগৰ অৰুণোদয় সংঘ, ধেমেছি মুকলি বিহু, পথালিবাম দিহিঙ্গীয়া গাঁও মুকলি বিহু, মাজবিল লাইব্ৰেৰী যুৱ সংঘ, ডোমৰদলং গাঁও সেউজ সংঘ, আৰু জ্যোতিময় যুৱ সংঘ।