গুৱাহাটী : শ্বাহীদক অপমান কৰা কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ বিপদত। বাঘবৰৰ কংগ্ৰেছ দলৰ বিধায়ক গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল। হাতীগাঁও থানাত বিধায়ক শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি অতি শীঘ্ৰে বিধায়ক গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী।

ছিপাঝাৰৰ গৰুখুটীৰ ধলপুৰৰ উচ্ছেদৰ ঘটনাই এতিয়া উত্তপ্ত কৰি ৰাখিছে ৰাজ্য। উচ্ছেদকাণ্ডক লৈ ৰাজনৈতিক দল সমূহৰ নেতা সকলৰ প্ৰতিক্ৰিয়াই অধিক উত্তপ্ত কৰি তুলিছে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ। বিশেষকৈ কংগ্ৰেছ দলৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ শেহতীয়া মন্তব্যই জ্বলা জুইত ঘি দিয়াৰ কাম কৰিছে।

১৯৮৩ চনৰ গৰুখুটীৰ শ্বহীদ সকলক কংগ্ৰেছ দলৰ বিধায়ক শ্বেৰমান আলী আহমেদে ঘাটত আখ্যা দিয়াৰ পিছতে জাঙুৰ খাই উঠিছে ৰাজ্যবাসী। বিভিন্ন দল-সংগঠনে বিধায়ক শ্বেৰমান আলী আহমেদৰ মন্তব্যক তীব্ৰ গৰিহণা দিয়াৰ লগতে শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে।

লগতে পঢ়ক : ৫০ শতাংশ দৰ্শকেৰে চিনেমা হল খোলাৰ অনুমতি

শুকুৰবাৰে সদৌ অসম একত্ৰিত যুৱ পৰিষদ নামৰ এটা সংগঠনে কংগ্ৰেছ দলৰ বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে হাতীগাঁও থানাত এজাহাৰ দাখিল কৰে। সংগঠনটোৱে অতি শীঘ্ৰে বিধায়ক শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply