গুৱাহাটী : মহানগৰীৰ লালমাটিত ভয়ংকৰ অগ্নিকাণ্ড। এটা গুদাম ঘৰত সংঘটিৰ হয় এই ভয়ংকৰ অগ্নিকাণ্ড। কেইবা লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত।

শুকুৰবাৰে মহানগৰী গুৱাহাটীৰ লালমাটিত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা এটা গুদাম ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নিকাণ্ডত গুদাম ঘৰটো সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

লগতে পঢ়ক :  চাইবাৰ অপৰাধীৰ বিৰুদ্ধে তৎপৰ আনন্দ মিশ্ৰ বাহিনী

গুদাম ঘৰটোত বিদ্যুৎ বিজুতিৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি একাংশ স্থানীয় ৰাইজে জানিবলৈ দিয়ে। অগ্নিকাণ্ডৰ খবৰ পাই ঘটনাস্থলীত অগ্নি নিৰ্বাপন বাহিনীৰ দুখন গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰে। কেইবা লক্ষাধিক টকাৰ সামগ্ৰী জুইত জাহ যোৱা বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply