শিৱসাগৰ জিলাৰ বকতা নঙলামৰা অঞ্চলত নিশা হোৱা অগ্নিকাণ্ডত অঞ্চলটোৰ কেইবাখনো দোকান ভস্মীভুত হয়। ৰাইজে তৎকালীন ভাৱে অগ্নিনিৰ্বাপক বাহিনীক খৱৰ দিয়ে যদিও অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত নহ’ল।
অগ্নিনিৰ্বাপক বাহিনী উপস্থিত নোহোৱাৰ মূল কাৰণ হৈছে বকতা-নঙলামৰাৰ দলংখন।
চাৰিচকীয়া আৰু গধুৰ যানবাহন চলাচলৰ বাবে বন্ধ এই দলংখনৰ বাবেই ঘটনাস্থলীলৈ আহিও দলঙৰ আনটো ফালে ৰৈ থাকিব লগা হয় অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী।
যাৰ বাবে জুই সম্পূৰ্ণ ৰূপে তিনিখন দোকান ভস্মীভূত হোৱাৰ ফলত তিনিটা পৰিয়াল সৰ্বস্বান্ত হয়।
কি কাৰনত জুই লাগিল সেই সম্পৰ্কে এতিয়াও সঠিক তথ্য ওলোৱা নাই।
শিৱসাগৰৰ বকতা অঞ্চলত নিশা ভয়ংকৰ অগ্নিকাণ্ড
নঙলামৰা শিৱ মন্দিৰৰ সমুখৰ তিনিখন দোকান নিশা জুইত ভস্মীভুত হয়
