গুৱাহাটী : নিশা মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হোৱাৰ লগতে গৃহহীন হৈ পৰে কেইবাটাও পৰিয়াল।
দেওবাৰে নিশা ১০ বজাৰত মহানগৰীৰ বশিষ্ঠ অঞ্চলত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত বহু পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাত পৰিয়াল কেইটা গৃহহীন হৈ পৰে।
ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ ৫ খনকৈ গাড়ী উপস্থিত হৈ প্ৰায় দুঘণ্টা ধৰি প্ৰচেষ্টা চলাই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যায়। স্থানীয় বাসিন্দাই কৰা অভিযোগ মতে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী যথেষ্ট পলমকৈ অহাৰ বাবেই ক্ষয়ক্ষতিৰ পৰিমান অধিক হয়।