যোৱা নিশা বিশ্বনাথৰ ৩নং কুমলিয়াত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷
এই অগ্নিকাণ্ডত তিনিটাকৈ পৰিয়ালৰ বাসগৃহ জ্বলি ছাৰ খাৰ হৈ পৰে ৷ অগ্নিকাণ্ডটোত আব্দুল মতালেবৰ প্ৰায় ৩ লাখ টকাৰ সম্পত্তি ,আব্দুল আালিৰ ২ লাখ টকাৰ সম্পত্তি আৰু চহিবুৰ ৰহমানৰ প্ৰায় ২ লাখ টকাৰ সামগ্ৰী জুইত ভস্মীভূত হয় ৷
পৰিয়াল কেইটাই অশেষ কষ্টৰে কৃষিকৰ্ম আৰু হাজিৰা কৰি গোটোৱা সম্পত্তি জুইৰ শিখাই ভস্মীভূত কৰে ৷
অঞ্চলটোত সঘনাই বিদ্যুৎ সেৱা বন্ধ হৈ পৰাত মম ব্যৱহাৰ কৰাৰ ফলতে মমৰ দ্বাৰা অগ্নিকাণ্ডটো সুত্ৰপাত ঘটা বুলি জানিব পৰা গৈছে ৷
আনহাতে মৰিয়নিৰ কাকজান চাহ বাগিচাতো নিশা বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। বাগিচা খনৰ পুৰনা লাইনৰ দিপু বেৰীয়া নামৰ ব্যৱসায়ী জনৰ ধান ভৰ্তি এটা ভঁৰাল ভস্মীভূত হয়। ব্যৱসায়ী জনৰ বাসগৃহৰ সমীপতে আছিল ভঁৰাল ঘৰটো।
জুইৰ কবলৰ পৰা ৰক্ষা পৰে ব্যৱসায়ীজনৰ লগতে চুবুৰিটোৰ বহুকেইটা বাসগৃহ।ভঁৰাল ঘৰটোত কোনো দুৰ্বৃত্তই অগ্নি সংযোগ কৰাৰ সন্দেহ।মৰিয়নি আৰু টীয়কৰ পৰা অহা অগ্নিনিৰ্বাপক বাহিনীৰ তিনিখন গাড়ীয়ে অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়।
লগতে পঢ়ক- ৰঙিয়াৰ নৱোদয় বিদ্যালয়ত জ্যেষ্ঠ ছাত্ৰৰ আক্ৰমণত আহত কনিষ্ঠ ছাত্ৰ