বিশ্বনাথৰ জিনজিয়াত আজি ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। পল্টন বছাক নামৰ ব্যক্তি গৰাকীৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ এই অগ্নিকাণ্ডত দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাত জুইয়ে ঘৰৰ সকলো সামগ্ৰী জ্বলি চাৰখাৰ কৰে।
ইয়াৰ লগতে পশুধন হা্ঁহ কুকুৰা সকলো জ্বলি ছাই হয় ৷ এই জুইয়ে কাষতে থকা দুখনকৈ ঘৰ ক্ষতিগ্ৰস্থ হয় ৷ স্থানীয় ৰাইজ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ সহায়ত জুই নুমুৱাবলৈ সক্ষম হয় যদিও পল্টন বছাৰ নগদ ধন ৩ লাখ টকাৰ লগতে প্ৰায় ৭ লাখ মান টকাৰ সামগ্ৰী ভস্মীভূত হয় ৷