দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সুখচৰ থানা এলেকাৰ অধীনৰ বৌ-বজাৰত মঙলবাৰে নিশা এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডত চাৰিটাকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে প্ৰায় ১০ লক্ষাধিক টকাৰ বিস্তৰ ক্ষতি সাধন হয়।

নিশা প্ৰায় ১২.১০ বজাত হঠাৎ সুখচৰৰ বৌ-বজাৰত এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। ৰাফেদ আলী আহমেদৰ ফাৰ্মাচী, হোলছেল ব্যৱসায়ী তাৰামিঞাৰ পানৰ দোকান, সঞ্জন শীলৰ ছেলুন আৰু আকিদুৰ ৰহমানৰ এটা গেলামালৰ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ লগে লগে আৰক্ষী তথা হাটশিঙিমাৰী অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত অগ্নি নিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

লগতে পঢ়ক :  বেংকৰ ক্লাষ্টাৰ উন্নয়ন পুঁজিৰ অধীনত অসম চৰকাৰক প্ৰথমখন প্ৰতিশ্ৰুতি পত্ৰ প্ৰদান

ব্যৱসায়ী সকলে দোকান বন্ধ কৰি ঘৰলৈ গৈ নিশাৰ আহাৰ গ্ৰহণ কৰি টোপনীত যোৱাৰ পিছত ৰহস্যজনকভাৱে ফাৰ্মাচীখনৰ পৰা জুইৰ সুত্ৰপাত ঘটে। দুষ্কৃতিকাৰীয়ে অগ্নি সংযোগ কৰি দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে একাংশই। আনহাতে অগ্নিকাণ্ডৰ ফলত ব্যৱাসায়ী সকলে বিস্তৰ ক্ষতিৰ সম্মুখীন হোৱাত চৰকাৰক ক্ষতি পুৰণৰ দিয়াৰ বাবে দাবী জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply