গুৱাহাটী : মহানগৰী গুৱাহাটীত সংঘটিত হৈছে ভয়ংকৰ বনজুই ঘটনা। গুৱাহাটীৰ সমীপৱৰ্তী চন্দ্ৰপুৰত সংঘটিত হৈছে এই ভয়ংকৰ বনজুইৰ ঘটনা। বনজুইত ভস্মীভূত হৈছে বৃহত্তৰ চন্দ্ৰপুৰৰ বৃহৎ পানী যোগান আঁচনিৰ কেইবালক্ষাধিক টকাৰ পানীৰ পাইপ। ২৮৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পানী যোগান আচনীটোৰ পৰা বৃহত্তৰ চন্দ্ৰপুৰ অঞ্চলৰ কেইবাসহস্ৰাধিক লোকক বিশুদ্ধ পানী যোগান ধৰা হয়।

শুকুৰবাৰে দিনৰ ভাগত বৃহৎ পানী যোগান আচনীটোৰ সমীপতে থকা তাঁতীমাৰা পাহাৰৰ পৰা বন জুইৰ সূত্ৰপাত ঘটি সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। নিমিষতে জুয়ে মাৰাত্মক ৰূপ ধাৰণ কৰা দেখি ওচৰতে থকা পানী যোগান আঁচনিৰ কৰ্মচাৰীয়ে চন্দ্ৰপুৰ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত অগ্নি নিৰ্বাপক বাহিনীৰ দুখনকৈ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপনৰ চেষ্টা চলাই।

প্রায় এঘণ্টা জোৰা অভিযানৰ অন্তত অগ্নি নিৰ্বাপন বাহিনীয়ে অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও পানী যোগান আঁচনিৰ চৌহদত মজুত কৰি ৰখা কেইবালক্ষাধিক টকাৰ পানীৰ পাইপ সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply