ওদালগুৰি : এফালে বনাঞ্চল বেদখলমুক্ত কৰাৰ অভিযান, আনফালে বনাঞ্চল দখলত উঠি পৰি লাগিছে একাংশই। হোজাই জিলাৰ লামডিংত চৰকাৰে বনাঞ্চল বেদখলমুক্ত কৰাৰ বাবে উচ্ছেদ অভিযান চলাই থকাৰ মাজতে ওদালগুৰিত মানৱসৃষ্ট অৰণ্য জ্বলাই দিয়া হৈছে। বিগত দুদিন ধৰি জ্বলি আছে ভৈৰৱকুণ্ডৰ মানৱসৃষ্ট অৰণ্য।
ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডৰ ধনশ্ৰী-চিকাৰীডাঙ্গা জইণ্ট ফৰেষ্ট মেনেজমেণ্ট কমিটিয়ে পৰিচালনা কৰা অৰণ্যখন বিগত দুদিন ধৰি জ্বলি আছে। অৰণ্যখন এফালৰ পৰি জ্বলি গৈছে। জুইত জাহ গৈছে অৰণ্যখনৰ গছ-গছনিসমূহ। জুইৰ লেলিহান শিখাই এফালৰ পৰা অৰণ্যখন আৱৰি ধৰাত অৰণ্যখনত থকা জীৱ-জন্তুৰ প্ৰাণৰ প্ৰতি শংকা নামি আহিছে।
অৰণ্যখন এফালৰ পৰি জ্বলি শেষ হ#বলৈ ধৰিছে যদিও অগ্নিকাণ্ড সন্দৰ্ভত প্ৰশাসনৰ অৱগত নকৰাৰ অভিযোগ উত্থাপন হৈছে। অগ্নিকাণ্ডৰ সূত্ৰপাত সম্পৰ্কে এতিয়াও জানিব পৰা হোৱা নাই যদিও অৰণ্যখনৰ ভূমি দখলৰ স্বাৰ্থত অগ্নি সংযোগ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে প্ৰকৃতিপ্ৰেমীয়ে। অৰণ্যখনৰ অগ্নিকাণ্ডৰ ঘটনাৰ তদন্তৰ দাবী জনাইছে প্ৰকৃতিপ্ৰেমী সকলে।
লগতে পঢ়ক : ‘আশা’ৰ জৰিয়তে নিথৰুৱাৰ মাজত আশাৰ ৰেঙনী যোগাইছে ছিপাঝাৰৰ যুৱকে
উল্লেখ্য যে ২০১৪ চনত সাতখনকৈ গাঁৱৰ যুৱকে ধনশ্ৰী-চিকাৰীডাঙ্গা জইণ্ট ফৰেষ্ট মেনেজমেণ্ট কমিটি অধীনত ধনশ্ৰী বনাঞ্চলত গছ ৰোপন কাৰ্যসূচী আৰম্ভ কৰিছিল। বৰ্তমানলৈকে প্ৰায় ১২ লাখ গছ ৰোপন কৰা হৈছে ধনশ্ৰী বনাঞ্চলত। মৰুভূমিৰ পৰা লাহে লাহে অৰণ্যলৈ ৰূপান্তৰিত হোৱা ধনশ্ৰী বনাঞ্চল এতিয়া বিভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণীৰ বিচৰণস্থলী।