গোলাঘাট : গোলাঘাটৰ চাউল বজাৰত ভয়ংকৰ অগ্নিকাণ্ড৷ ভস্মিভূত বজাৰখনত থকা কেইবাখনো দোকান আৰু গুদাম। শনিবাৰে নিশাৰ ভাগত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।

গোলাঘাটৰ মাজমজিয়াৰ চাউল বজাৰত শনিবাৰে নিশা প্ৰায় ৮-৩০ বজাত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়৷ জুইৰ লেলিহান শিখাত মূহূৰ্ততে ৬ খনকৈ দোকান আৰু কেইবাটাও গুদাম ভস্মীভূত হয়৷ অগ্নিকাণ্ডৰ খবৰ পাই অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হয় যদিও বজাৰখনত থকা কেইবাখনো দোকান আৰু গুদাম ভস্মীভূত হয়।

লগতে পঢ়ক : নাৰেংগী ক্ৰীড়া সন্থাৰ খেল পথাৰত এমাহজোৰা ফুটবল প্ৰশিক্ষণ শিবিৰ

অগ্নি নিৰ্বাপন বাহিনীৰ দলটোক অগ্নি নিৰ্বাপন কৰিবলৈ বহু সময়ৰ প্ৰয়োজন হয়৷ জানিব পৰা মতে বৈদ্যুতিক বিজুটিৰ ফলতে এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডত ৪ কোটিৰো অধিক টকাৰ সামগ্ৰী জুইত জাহ যায় বুলি ভুক্তভূগী সকলে ব্যক্ত কৰে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply