যোৰহাট : অগ্নিকাণ্ডত জাহ গ’ল চাৰিজনকৈ লোকৰ ঘৰ। চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ। সোমবাৰে পুৱাৰ ভাগতে যোৰহাট নগৰৰ পূব প্ৰান্তৰ আনন্দ নগৰত সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা।

অগ্নিকাণ্ডৰ ফলত চাৰিজনকৈ লোকৰ ২৫ টাকৈ ভাড়া ঘৰ সম্পূৰ্ণৰূপে জাহ যায়। ঘৰুৱা চিলিণ্ডাৰ বিষ্ফোৰণৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱা সন্দেহ প্ৰকাশ কৰা হৈছে। উল্লেখযোগ্য যে অতি ঘন বসতিপূৰ্ণ অঞ্চল আনন্দ নগৰত অগ্নি নিৰ্বাপক বাহিনী তৎপৰতাত অধিক অগ্নি বিয়পি পৰাৰ পৰা ৰক্ষা পৰিল।

লগতে পঢ়ক : ঢেকীয়াপতিয়া বাঘৰ আক্ৰমণত আহত এজন ছাত্ৰ

এই অগ্নিকাণ্ডত ৰামজী শাহু, অজয় শাহু, কৃষ্ণ শাহু আৰু ৰাজেন্দ্ৰ শাহুৰ ২৫ টাকৈ ভাড়া ঘৰ জাহ যায়। সন্দেহ কৰা হৈছে ৰামজী শাহুৰ ভাড়া ঘৰত চিলিণ্ডাৰ বিস্ফোৰণৰ পৰাই অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে। প্ৰায় ২৫ লাখ টকাৰ সম্পত্তি এই অগ্নিকাণ্ডত জাহ যায় বুলি অনুমান কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply