ৰূপহীহাট – জুৰীয়াৰ লালুংগাঁৱত ভয়াবহ অগ্নিকাণ্ড। পাঁচটাকৈ বাসগৃহ সম্পূৰ্ণৰূপে ভষ্মীভূত।বিদ্যুৎ শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। ৫০ লক্ষাধিক টকা মূল্যৰ সম্পত্তি ভষ্মীভূত হয়।
নগাঁও জিলাৰ জুৰীয়াত সংঘটিত হৈছে এক ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত পাঁচটাকৈ বাসগৃহ সম্পূর্ণৰূপে জুইত জাহ যায়। জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত লালুংগাঁৱত এই ভয়াবহ অগ্নিকাণ্ড সংঘটিত হৈছে।
অগ্নিকাণ্ডৰ ফলত এটা পৰিয়ালৰ পাঁচটাকৈ বাসগৃহ জ্বলি ভষ্মীভূত হয়। পৰিয়ালটোৰ বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ নথিপত্ৰৰ লগতে জুইত জাহ যায় পৰিয়ালটোৰ বহু সামগ্ৰী। লালুংগাঁৱৰ আলাল উদ্দিনৰ বাসগৃহত বিদ্যুৎ শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে।
আলাল উদ্দিনৰ বাসগৃহৰ পৰা পৰিয়ালৰ আন আন সদস্যৰ গৃহলৈ জুই সম্প্ৰসাৰিত হোৱাত ৰাইজ আতংকিত হৈ পৰে। স্থানীয় ৰাইজে বহু চেষ্টা কৰি জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় যদিও অগ্নিকাণ্ডত পৰিয়ালটোৰ ৫০ লক্ষাধিক টকা মূল্যৰ সম্পত্তি ভষ্মীভূত হয়।