নিশাৰ ভাগত মহানগৰীৰ চাইকেল ফেক্টৰীত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়।
এটা মটৰ চাইকেল গেৰেজ, এটা বাসগৃহ জুইৰ লেলিহান শিখাই আগুৰি ধৰে সমগ্ৰ গেৰেজ। নিশা প্ৰায় ৮.৩০ বজাত সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নি নিৰ্বাপক বাহিনীৰ ১৫ খন গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে।

অগ্নিকাণ্ড ইমানেই ভয়ংকৰ আছিল যে অগ্নি নিৰ্বাপক বাহিনীয়ে দুই ঘণ্টা ধৰি জুই নিৰ্বাপনৰ চেষ্টা চলাই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

এই ভয়ংকৰ অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ ক্ষতি সাধন হয়। অগ্নিকাণ্ডৰ সূত্ৰপাত গেৰেজখনৰ পৰা হোৱা বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।

অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও বিদ্যুৎ বিজুতিৰ ফলত জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।

অগ্নিকাণ্ডত সুভাশিস দাস নামৰ লোকজনৰ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়।
লাখ লাখ টকাৰ সা-সামগ্ৰী জুইত ভস্মীভূত হয়।

লগতে পঢ়ক-ৰাজ্য চৰকাৰৰ ক’ভিড নিৰ্দেশক লৈ ভেঙুচালী গুৱাহাটীৰ ব্যক্তিগত খন্ডৰ বিদ্যালয়ৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply