গুৱাহাটী : বৃহস্পতিবাৰে নিশাৰ ভাগত মহানগৰীৰ মালিগাঁৱত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত এজন লোকৰ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। মন্দিৰৰ চাকিৰ পৰা জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ।
মালিগাঁৱৰ গোশালাৰ কৃষ্ণ নগৰ পাহাৰৰ ওপৰত থকা কিশোৰ দাস নামৰ এজন লোকৰ ঘৰ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অগ্নিকাণ্ডত কিশোৰ দাসৰ ঘৰত থকা গেছ চিলিণ্ডাৰো বিস্ফোৰণ হয় বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক : বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ আৰু জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্রতিষ্ঠান, ডিব্ৰুগড়ৰ মাজত প্রীতি ক্রিকেট খেল
মন্দিৰৰ চাকিৰ পৰা জুইৰ সূত্ৰপাত হোৱা বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। অগ্নিকাণ্ডৰ খবৰ পাই অগ্নি নিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে। অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যায়।