মানকাচৰ : মাঘ বিহুৰ উখল মাখল পৰিৱেশৰ মাজতে মানকাচৰত নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। জুইত জাহ যায় দুই ভাতৃৰ তিনিটাকৈ ঘৰ। ভস্মীভূত হয় প্ৰায় দহ লক্ষাধিক টকাৰ সম্পত্তি।
শুকুৰবাৰে নিশা মাঘ বিহুৰ আনন্দৰ মাজতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত দুই ভাতৃৰ তিনিটাকৈ ঘৰ সম্পূৰ্ণৰূপে জুইত জাহ যায়। ভাৰত-বাংলাদেশ সীমান্তৰ অসমৰ আলগাৰ বৰ্মনপাৰাত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।
গাঁওখনৰ অধীৰ চন্দ্ৰ বৰ্মন নামৰ এজন লোকৰ ঘৰত সংঘটিত হোৱা এই অগ্নিকাণ্ডত অধীৰ চন্দ্ৰ বৰ্মনৰ দুটা ঘৰৰ লগতে তেওঁৰ ভাতৃৰ এটা ঘৰ জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অগ্নিকাণ্ডত দুয়ো ভাতৃৰ নগদ ১ লাখ টকা, ধান, সোণৰ অলংকাৰ, এন আৰ চি আৰু মাটিৰ নথিপত্ৰসহ মুঠ ১০ লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যায়।
লগতে পঢ়ক- কমাৰগাঁৱত মূল্যবান কাঠসহ ব’লেৰ গাড়ী জব্দ আৰক্ষীৰ