মানকাচৰ – দক্ষিণ শালমাৰাৰ কলেজ নগৰত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হয় এটা ঘৰ। কোনো দুৰ্বৃত্তই ঘৰত অগ্নি সংযোগ কৰাৰ সন্দেহ। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

মঙলাবাৰে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অন্তৰ্গত কলেজ নগৰত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। মণিৰ উদ্দীন নামৰ এজন লোকৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত মণিৰ উদ্দীনৰ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

অগ্নিকাণ্ডত এটা পিক আপ ভেন, দুটা মটৰ চাইকেল, নগদ ৬০ হেজাৰ টকা, এন আৰ চি আৰু মাটিৰ নথিপত্ৰকে ধৰি প্ৰায় ২০ লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হয় বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডৰ খবৰ পাই মেঘালয়ৰ ফুলবাৰীৰ পৰা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত জুই নিৰ্বাপন কৰে।

বর্তমানলৈকে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও কোনো দুৰ্বৃত্তই ঘৰত অগ্নি সংযোগ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে। ঘটনাস্থলীত দক্ষিণ শালমাৰা আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply