মানকাচৰ : মানকাচৰৰ নিউ মাৰ্কেটত কাপোৰৰ দোকানত বিধ্বংসী অগ্নিকাণ্ড। প্ৰায় দহ লক্ষাধিক টকাৰ কাপোৰ আৰু অন্যান্য সামগ্ৰী ভস্মীভূত।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ চহৰৰ মাজমজিয়াত থকা নিউ মাৰ্কেটত আজি দিনৰ প্ৰায় ১০ বজাত কাপোৰৰ দোকান এখনত বিদ্যুৎ বিজুতি ঘটি এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডত কাপোৰৰ দোকানখনৰ সাতটা কোঠালী ভস্মীভূত হোৱাত প্ৰায় ১০ লক্ষাধিক টকাৰ কাপোৰ নষ্ট হয়।

লগতে পঢ়ক :   আৱকাৰী বিভাগে নষ্ট কৰে ৬০০০ লিটাৰ চুলাই মদ

উল্লেখযোগ্য যে মানকাচৰ থানা এলেকাৰ নিউ মাৰ্কেটত থকা প্ৰতিষ্ঠিত এএফ কৰিম গাৰমেণ্টত আজি দিনৰ প্ৰায় ১০ বজাত হঠাত বিদ্যুৎ বিজুতি ঘটি এক বিধ্বংসী অগ্নিকাণ্ডৰ সুত্ৰপাত হয়। এই অগ্নিকাণ্ডৰ ফলত দোকানখনৰ ৭ টা কোঠালীত জুইৰ লেলিহানে আগুৰি ধৰে। লগে লগে ওচৰতে থকা মানকাচৰ অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও এই অগ্নিকাণ্ডৰ ফলত প্ৰায় দহ লক্ষাধিক টকাৰ কাপোৰ সামগ্ৰী ভস্মীভূত হোৱাত ব্যৱসায়ীজনে বৃহৎ লোকচানৰ সম্মুখীন হ’বলগীয়া হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply