মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ অধীনত থকা ঠাকৰাণবাৰী গাঁৱত বৃহস্পতিবাৰে নিশা এগৰাকী মহিলা শ্ৰমিকৰ ঘৰত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড। এই অগ্নিকাণ্ডৰ ঘটনাত নগদ ধন, মাটিৰ নথি পত্ৰকে ধৰি সকলো ধৰণৰ নথি পত্ৰসহ মহিলা গৰাকীৰ একমাত্ৰ ঘৰখন সম্পূৰ্ণৰূপে ভস্মীভূত হয়।
অগ্নিকাণ্ডত সকলো হেৰুৱাই মহিলা শ্ৰমিক গৰাকী হাহাকাৰ কৰিব লগীয়া হৈছে। উল্লেখযোগ্য যে ঠাকৰাণবাৰী গাঁৱৰ ৰাজু সেখ নামৰ এজন লোক দীৰ্ঘদিনৰ পৰা বেমাৰত আক্ৰান্ত হৈ থকাৰ ফলত লোক জনৰ পত্নীয়ে মানকাচৰৰ কাজু ফেক্টৰীত শ্ৰমিক হিচাপে কাম কৰি পৰিয়ালক পোহপাল দি আহিছে। নিশা মহিলা শ্ৰমিক গৰাকী গাঁওখনৰে আত্মীয়ৰ ঘৰত স্বপৰিয়ালে যোৱাৰ পিছত নিশা প্ৰায় ১১ বজাত হঠাৎ ঘৰত কোনো নথকাৰ সুযোগত দুৰ্বৃত্তই ঘৰখনত অগ্নি সংযোগ কৰি দিয়াত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।
লগতে পঢ়ক : চাকৰিৰ ক্ষেত্ৰত পুলিচ ভেৰিফিকেচন ব্যৱস্থা প্রত্যাহাৰ কৰাৰ সিদ্ধান্ত কেবিনেটৰ
এই ঘটনাৰ পিছতে স্থানীয় ৰাইজে লগে লগে জুই নিৰ্বাপন কৰে যদিও ইতিমধ্যে মহিলা গৰাকীক একমাত্ৰ ঘৰখন সম্পূৰ্ণৰূপে ভস্মীভূত হৈ ঘৰখনত জমা কৰি থোৱা নগদ ১০ হেজাৰ টকা, মাটিৰ নথি পত্ৰ, এন আৰ চি, ৰেচন কাৰ্ড আদিকে ধৰি সকলো ধৰনৰ নথি পত্ৰ জুইত জাহ যায়। এই ঘটনাৰ পিছত পুৱাৰ ভাগত মানকাচৰ থানাৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও কোনো কি কাৰণত এইদৰে মহিলা শ্ৰমিক গৰাকীৰ ঘৰত অগ্নি সংযোগ কৰিলে সেয়া এতিয়ালৈ পোহৰলৈ অহা নাই।