মুকালমুৱাত এখন চৰকাৰী বিদ্যালয়ত বিধ্বংসী অগ্নিকাণ্ডত বহু সামগ্ৰী ধ্বংস হয়। অঞ্চলটোৰ
নাৰায়ণপুৰ হাইস্কুলত সংঘটিত হয় এইতবিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা।
অগ্নিকাণ্ডৰ ফলত বিদ্যালয় খনৰ ষ্টোৰ ৰুমত থকা সা-সামগ্ৰী জুইত জাহ যায়।
ধুমপান সেৱন কৰা কোনো লোকৰ জুইশালাৰ পৰা এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰে স্থানীয় লোকে।
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে বিদ্যালয়খন বন্ধ হৈ থকা অৱস্থাত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা।
ঘটনাস্থলীত অগ্নি নিৰ্বাহক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। বিদ্যালয় খনৰ ষ্টোৰ ৰুমটোত থকা কিতাপ,বহী,ডেস্ক,বেঞ্চ জুইত ভস্মীভূত হয়।
বিদ্যালয়খন বন্ধ থকা অৱস্থাত ড্ৰাগছ আসক্ত সকলে বিদ্যালয়খনৰ চৌহদত ড্ৰাগছ ভাং আদি সেৱন কৰাৰ অভিযোগ উত্থাপন কৰে বিদ্যালয় কৰ্তৃপক্ষ তথা স্থানীয়লোক সকলে । প্ৰশাসনক ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই।