নলবাৰী : নলবাৰীৰ জিলাৰ মুকালমুৱাৰত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডৰ ফলত এজন লোকৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে জুইত জাহ যায় লক্ষাধিক টকাৰ সামগ্ৰী। স্থানীয় ৰাইজৰ সহযোগত অগ্নি নিৰ্বাপক বাহিনীৰ দলে জুই নিয়ন্ত্ৰণ কৰাত ৰক্ষা পৰে কেইবাটাও বাসগৃহ।
মুকালমুৱাৰৰ ইৰোজ আলী নামৰ এজন লোকৰ বাসগৃহত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত ইৰোজ আলীৰ বাসগৃহত ভাৰতীয়া হিচাপে থকা এজন লোকৰ ঘৰৰ সকলো সামগ্ৰী জুইত জাহ যায়।
অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বাসগৃহত মূহুৰ্ততে জুইৰ লেলিহান শিখা বিয়পি পৰাত ৰাইজ আতংকিত হৈ পৰে। ৰাইজে জুই নুমোৱাবলৈ চেষ্টা চলায় যদিও অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হোৱাত ৰাইজৰ সহযোগত অগ্নি নিৰ্বাপক বাহিনীৰ দলে জুই নুমোৱাবলৈ সক্ষম হয়।
অগ্নিকাণ্ড সূত্ৰপাত হোৱাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও ৰাইজে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে। অগ্নিকাণ্ডৰ ফলত হোৱা ক্ষয় ক্ষতিৰ প্ৰকৃত পৰিমান জানিব পৰা হোৱা নাই যদিও লক্ষাধিক টকাৰ সামগ্রী জুইত জাহ যোৱা বুলি জানিব পৰা গৈছে।