নগাঁও : দীপাৱালীৰ মাজতে নগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড। নগাঁও চহৰৰ হায়বৰগাঁৱৰ ব্লু ৱাৰ্ড নামৰ হোটেলৰ সন্মুখত সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হয়।
বৃহস্পতিবাৰে নিশা দীপাৱালী মাজতে ৰাজ্যৰ কেইবাঠাইত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা। নগাঁও চহৰৰ হায়বৰগাঁৱতো বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।
হায়বৰগাঁৱৰ ব্লু ৱাৰ্ড নামৰ হোটেলৰ সন্মুখত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ঘটনাত এখন কাপোৰৰ দোকানৰ লগতে এখন গেলামালৰ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অগ্নিকাণ্ডৰ ফলত দোকান দুখনত থকা লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত হয়।
লগতে পঢ়ক : জিলা উপায়ুক্তলৈ পত্ৰ লিখি এগৰাকী লোকৰ আত্মহত্যা
নিশা প্ৰায় ১১ বজাত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডৰ পিছতে স্থানীয় ৰাইজে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি জুই নিৰ্বাপন কৰে। ফলত অঞ্চলটোৰ বহু ঘৰ আৰু দোকান অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে।