বাক্সা : নাগ্ৰীজুলিত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত ১২ লক্ষাধিক টকা মূল্যৰ সা-সম্পত্তি ভস্মীভূত। এখন মনোহাৰী দোকানত সংঘটিত হয় এই অগ্নিকাণ্ড।

নিশা প্ৰয়া ১ বজাত এক ভয়ংকত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় বাক্সা জিলাৰ তামুলপুৰৰ অন্তৰ্গত নাগ্ৰীজুলিত। নাগ্ৰীজুলিৰ সপ্তাহিক বজাৰত থকা এখন মনোহাৰী দোকানত সংঘটিত হয় এই অগ্নিকাণ্ড।

অগ্নিকাণ্ডৰ ফলত মনোহাৰী দোকানখন সম্পূৰ্ণৰূপে ভস্মীভূত হয়। দোকানখনত থকা ১২ লক্ষাধিক টকা মূল্যৰ সা-সম্পত্তি জুইত জাহ যায়। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।

লগতে পঢ়ক :  শীঘ্ৰে অসম আৰু বাংলাদেশৰ মাজত আৰম্ভ হ’ব বাছ, ৰে’ল সেৱা

উল্লেখ্য যে দোকানখনত বিদ্যুৎ সংযোগ নাছিল গতিকে বিদ্যুৎ বিজুতিৰ ফলত জুইৰ সূত্ৰপাত হোৱা নাই, কোনো দুৰ্বৃত্তই দোকানখনত অগ্নি সংযোগ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply