ৰঙিয়া : দীপাৱালীৰ আনন্দ-উল্লাসৰ মাজতে বৃহস্পতিবাৰে নিশাৰ ভাগত ৰঙিয়াত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডত এজন অৱসৰপ্ৰাপ্ত শিক্ষকৰ ভাড়া ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাত কোটি টকাৰ ক্ষতি সাধন হয়।

ৰঙিয়া চহৰৰ শিৱ মন্দিৰ ৰোডত থকা অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰসন্ন বৈশ্যৰ ভাড়া ঘৰত নিশাৰ ভাগত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। কাপোৰৰ গুদামৰ লগতে কেইবাটাও গৃহ জুই জ্বলি ভস্মীভূত হয়। ফটকাৰ জুইৰে এই অগ্নিকাণ্ড সংঘটিত হয় বুলি ৰাইজে জানিবলৈ দিয়ে।

এই ভয়ংকৰ অগ্নিকাণ্ডত কোটি টকাৰ সম্পত্তি বিনষ্ট হয়। অৱসৰপ্ৰাপ্ত শিক্ষকজনৰ দুমহলীয়া ঘৰটোৰ প্ৰথমতে এটা কোঠাত জুইৰ সূত্ৰপাত হয়। ইয়াৰ কিছু সময় পিছতে এটি কাপোৰৰ গুদামৰ লগতে অন্য চাৰিটা কোঠালৈ জুই বিয়পি পৰে।

জুইৰ লেলিহান শিখা সম্পূৰ্ণ ঘৰত বিয়পি পৰাত ৰাইজ আতংকিত হৈ পৰে। এই অগ্নিকাণ্ডৰ ফলত সমগ্ৰ অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়। ঘৰটোৰ সমীপতে লাগি থকা আন এটা কোঠালৈ জুই বিয়পি যোৱাত কোঠাটোত আৱদ্ধ হৈ থকা ব্যক্তি সকলক ৰাইজে উদ্ধাৰ কৰে।

লগতে পঢ়ক : ভাৰত-বাংলাদেশ সীমান্তত বিএছএফৰ দীপাৱলী

ইফালে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী কিছু পলমকৈ অহাৰ বাবে ৰাইজ উত্তেজিত হৈ পৰে। আৰক্ষীৰ সৈতেও উত্তেজিত একাংশ ৰাইজে তৰ্ক যুদ্ধত লিপ্ত হয়। পিছত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নুমুৱাবলৈ সক্ষম হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply