ৰংজুলী : ৰংজুলীত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত তিনিখনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰে।

দেওবাৰে নিশাৰ ভাগত গোৱালপাৰা জিলাৰ ৰংজুলীত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিৰ হয়। নিশাৰ ভাগত সংঘটিত হোৱা এই ভয়ংকৰ অগ্নিকাণ্ডত ১৩ লক্ষাধিক টকাৰ সামগ্ৰী জুইত জাহ যায়।

নিশা হঠাৎ সংঘটিত হোৱা এই অগ্নিকাণ্ডত তিনিখনকৈ দোকান জুইত জাহ যায়। ঘটনা খবৰ পাই অগ্নি নিৰ্বাপক বাহিনীৰ দুখন গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে।

লগতে পঢ়ক :  লংকাত মাছৰ বজাৰত অগ্নিকাণ্ড

অগ্নিকাণ্ডৰ কাৰণ বর্তমানলৈকে জানিব পৰা হোৱা নাই যদিও স্থানীয় ৰাইজে বিদ্যুৎ বিজুতিৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। আৰক্ষীয়ে অগ্নিকাণ্ডৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply