ৰূপহীহাট – ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰিল ৰূপহীহাটৰ ছাইদৰীয়া। খেৰৰ মেজিত অগ্নিকাণ্ড সংঘটিত হোৱাত কথমপি ৰক্ষা পৰে অঞ্চলটো। খেৰৰ মেজিৰ কাষত দুই শিশু বিড়ি খাবলৈ যোৱাত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।
ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত পূৱ ছাইদৰীয়াত বুধবাৰে সংঘটিত হয় অগ্নিকাণ্ড। খেৰৰ মেজিত অগ্নিকাণ্ড সংঘটিত হোৱাত কথমপি ৰক্ষা পৰে অঞ্চলটো। অগ্নিকাণ্ডত জাহ যায় গৰু ব্যৱসায়ীৰ খেৰৰ মেজি।
জানিব পৰা মতে দুই শিশুৱে খেৰৰ মেজিৰ ওচৰত বিড়ি খাবলৈ যোৱাত মেজিত অগ্নি সংযোগৰ ঘটনা সংঘটিত হয়। মেজিখনত দাওদাওকৈ জ্বলি উঠাত শিশু দুটা পলায়ন কৰে। ইফালে মেজিৰ জুইয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাত চূবুৰীটোৰ অৰ্ধশতাধিক পৰিয়াল শংকিত হৈ পৰে।
স্থানীয় ৰাইজে জুই নুমুৱাবলৈ বহু প্ৰচেষ্টা চলায় যদিও ৰাইজ ব্যৰ্থ হয়। পৰৱৰ্তী সময়ত ৰাইজে অগ্নি নিৰ্বাপক বাহিনী খবৰ দিয়াত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ সক্ষম হয়। অগ্নিকাণ্ডত ডেৰ লক্ষাধিক টকা মূল্যৰ খেৰৰ মেজি জ্বলি ভষ্মীভূত হয়।