গোলাঘাট : গোলাঘাটৰ শালমাৰাত সংঘটিত হৈছে ভয়াবহ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত দুটাকৈ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। কথমপি ৰক্ষা পৰে বাতৰি সংহৰ কৰিবলৈ যোৱা সাংবাদিকৰ দল।

ঘৰুৱা কন্দলৰ ফলত ভাতৃয়ে অগ্নি সংযোগ কৰাৰ অভিযোগ। বুধবাৰে সন্ধিয়া গোলাঘাটৰ শালমাৰা অন্তৰ্গত চেপাগুৰি চাহ বাগিচাত ভয়াবহ অগ্নিকাণ্ডত সঞ্জীৱ ভূঞা আৰু ৰাজেন ভূঞা নামৰ দুজন লোকৰ ঘৰ সম্পূৰ্ণ ৰূপে ভস্মীভূত হয়। অগ্নিকাণ্ডৰ খবৰ পাই ঘটনাস্থলীত বাতৰি সংগ্ৰহ কৰিবলৈ উপস্থিত হয় সাংবাদিকৰ দল এটা।

লগতে পঢ়ক :  ডবকা ডকাইতিকাণ্ডৰ লগত জড়িত চাৰি ডকাইত জালত

বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ দলৰ ওপৰত আক্ৰমণ চলাই একাংশ দুস্কৃতিকাৰীয়ে। ফলত কথমপি ৰক্ষা পৰে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ দলটো। অগ্নি নিৰ্বাপক বাহিনীৰ দুইখন গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply