সোণাৰি: সোণাৰিত আজি দুপৰীয়া ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। অৱশ্যে অগ্নিকাণ্ডৰ ফলত কথমপি ৰক্ষা পৰে প্ৰায় ছয়খন গাওঁৰ হাজাৰোধিক পৰিয়াল।

সোণাৰিৰ ভাটি লংপতীয়া আৰু মিৰিপথাৰ অঞ্চলৰ পথাৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। কোনো লোকে পথাৰত অগ্নি সংযোগ কৰাৰ ফলত জুয়ে আগুৰি ধৰে এশ বিঘাৰো অধিক পথাৰৰ নৰা।

স্থানীয় ৰাইজে জুই নুমোৱাবলৈ চেষ্টা অব্যাহত ৰাখে যদিও বতাহ বলি থকাৰ ফলত বতাহৰ দিশত জুয়ে আগুৰি ধৰে সমগ্ৰ অঞ্চল।

ফলত এতিয়া আতংকিত হৈ উঠিছে জনতা। পথাৰত জুই লগাৰ ফলত পশুধনৰ খাদ্যৰ অভাৱ হোৱাৰ সম্ভাৱনা আছে অঞ্চলটোত।

লগতে পঢ়ক- আজিৰে পৰা আৰম্ভ হ’ল উত্তৰ অসমত প্ৰথমখন চিকিৎসা মহাবিদ্যালয়

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply