নিউজ ডেস্কঃঅসম চিকিৎসা মহাবিদ্যালয় হস্পিতালত অঘটন।

নিশা প্ৰায় ১বাজি৩০মিনিটত হস্পিতাল খনৰ কভিড ৱাৰ্ডত সংঘটিত হয় অগ্নিকাণ্ড।

বৈদ্যুতিক শ্বট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

আতংকিত হৈ ৰোগীসকল কভিড ৱাৰ্ডৰ পৰা ৰাস্তালৈ ওলাই আহে।

ঘটনাটো সংঘটিত হোৱাৰ সময়ত অক্সিজেন গ্ৰহণ কৰি থকা কেইবাগৰাকীয়ো ৰোগী আছিল হস্পিতালখনত।

কথমপি ৰক্ষা পৰে হস্পিতালখনত চিকিৎসাধীন হৈ থকা  শতাধিক ৰোগী।

অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত তাৎক্ষণিক উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

হস্পিতাল কৰ্তৃপক্ষই ৰোগীসকলক নিশাই বেলেগ হস্পিতাললৈ স্থানান্তৰ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply