মহানগৰীৰ হেঙেৰাবাৰীৰ শংকৰদেৱ নগৰত ভয়ংকৰ অগ্নিকাণ্ড।

শনিবাৰে পুৱা মহানগৰীৰ হেঙেৰাবাৰীৰ শংকৰদেৱ নগৰত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। মনেশ্বৰ নাৰ্জাৰী নামৰ লোকজনৰ বাসগৃহত এই ঘটনা সংঘটিত হয়।

মন্দিৰত জ্বলোৱা বন্তিৰ পৰাই অগ্নিকাণ্ডৰ সূত্রপাত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হয় নাৰ্জাৰীৰ বাসগৃহ।

পাছত স্থানীয় লোকৰ প্রচেষ্টাত জুই নিৰ্বাপন কৰা হয়। অৱশ্যে কোনো লোক হতাহত হোৱাৰ খবৰ এতিয়ালৈকে আহি পৰা নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply